সোণাৰিঃ সোণাৰিৰ অন্যতম শিক্ষানুষ্ঠান সোণাৰি জাতীয় বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ বুধবাৰে সামৰণি পৰে।
সাত জানুৱাৰীৰপৰা অনুষ্ঠিত হৈ থকা ক্ৰীড়া সপ্তাহত উন্নত ফলাফল প্ৰদৰ্শন কৰা প্ৰতিযোগী ছাত্ৰ-ছাত্ৰীসকলক আজি পুৰস্কৃত কৰা হয়।
আনহাতে ক্ৰীড়া প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা প্ৰস্তুত কৰা পাঁচখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়।
লগতে পঢ়কঃকৃষক উপকৃত হোৱাকৈ ধান ক্ৰয়ৰ সিদ্ধান্ত কেবিনেটৰ
সোণাৰিৰ কেইবাগৰাকীও বিশিষ্ট ব্য়ক্তিৰ উপস্থিতিত অনুষ্ঠিত সামৰণি অনুষ্ঠানত বিশেষকৈ ভোগালী বিহুৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা প্ৰাচীৰ পত্ৰিকাখন আকৰ্ষণৰ কেন্দ্ৰ আছিল বুলি জানিবলৈ দিছে বিদ্যালয়খনৰ অধ্যক্ষা মামণি তিনিকুৰীয়াই।