সোণাৰিঃ ৰাজ্যৰ চাৰিওফালে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আধিপত্যৰ বিপৰীতে সোণাৰিৰ এখন চৰকাৰী বিদ্যালয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। চৰকাৰী বিদ্যালয়ৰ মান নিম্নগামী হোৱাৰ বাতৰিয়ে সচেতন মহলক আশাহত কৰাৰ সময়তে ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ লগত সমানে ফেৰ মাৰিব পৰাকৈ গঢ়ি তোলা হৈছে এইখন চৰকাৰী বিদ্যালয়।
ৰাজ্যৰ প্ৰথমগৰাকী মহিলা আইজিপি ভায়োলেট বৰুৱা তথা বৰ্তমানৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ভাতৃ প্ৰণোজ পেগুৱে প্ৰাথমিক শিক্ষাগ্ৰহণ কৰি যোৱা চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ মাজমজিয়াত থকা ১৯৪ নং সোণাৰি নগৰ প্ৰাথমিক বিদ্যালয়ে এতিয়া চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে ।
১৯১৮ চনতে প্ৰতিষ্ঠা হোৱা তথা বৰ্তমান ৩০৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খনৰ চৌহদত প্ৰৱেশ কৰিলেই চকুত পৰে কিছুমান মন পৰশা বাক্য আৰু মধুৰ শব্দ, যিবোৰ কথাই বিদ্যালয়খনক দিছে এক অনন্য মাত্ৰা।
তদুপৰি, বিদ্যালয়খনৰ প্ৰতিটো শ্ৰেণী কোঠাত সজোৱা আছে মহান ব্যক্তি সকলৰ ফটো ৷ শৈক্ষিক, সাংস্কৃতিক আৰু মানসিক উত্তৰণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰে বিদ্যালয়খনে।
লগতে পঢ়কঃপৰিয়াল বিহীন এগৰাকী বৃদ্ধাৰ কৰুণ জীৱন গাঁথা
উন্নত শিক্ষা প্ৰণালীৰ লগতে বিদ্যালয়খনত নতুনকৈ স্থাপন কৰা হৈছে এটি উন্নত মানৰ কম্পিউটাৰ শ্ৰেণী কোঠা আৰু ছাত্ৰ-ছাত্ৰী শিক্ষক-শিক্ষয়িত্ৰীৰ আপতকালীন চিকিৎসাৰ বাবে আৰম্ভ কৰা হৈছে এটা আচুতীয়া চিকিৎসা কক্ষ ৷
লগতে এই আচুতীয়া কোঠাটিত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সুবিধাৰ্থে এখন বিচনা,ঔষধ, বিভিন্ন চিকিৎসালয়ৰ জৰুৰীকালীন যোগাযোগৰ নম্বৰ বেৰত ওলমাই ৰখা হৈছে। এই আচুতীয়া কক্ষতো বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক প্ৰণৱ গগৈ আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী মফিদা বেগম প্ৰচেষ্টাত স্থাপন কৰা হয়।
চৰাইদেউ জিলাৰ সোণাৰি শিক্ষা খণ্ডৰ অধীনস্থ এই বিদ্যালয়খনে সঠিক শিক্ষা আৰু সাংস্কৃতিক বাতাবৰণৰ মাজেৰে ছাত্ৰ-ছাত্ৰীক প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ গ্ৰহণ কৰিছে পদক্ষেপ । প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষক বৃন্দৰ লগতে অভিভাৱক-পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজৰ ত্যাগ আৰু দায়বদ্ধতাৰ বাবে দিনক দিনে উন্নতিৰ জখলাত উজ্বলি উঠিবলৈ সক্ষম হৈছে।