সোণাৰিঃ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু মাহমৰা আঞ্চলিক সমিতি তথা স্থানীয় ৰাইজৰ সহযোগত খামন পহুচুঙী মজলীয়া বিদ্যালয়ৰ খেলপথাৰত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় মহিয়সী জয়মতীৰ স্মৃতি দিৱস। এই অনুষ্ঠানৰ নাট উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজখোৱাই কয়, ”বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰা আহোম জনগোষ্ঠীৰ লোকসকল আজিও শোষিত-নিষ্পেষিত হৈ আছে। মহিয়সী জয়মতীৰ আত্মবলিদানৰ বাবেই আজি অসমীয়া জাতি জীয়াই আছে। অন্যথা কেতিয়াবাই অসমীয়া জাতি শেষ হৈ গ’লহেঁতেন। অন্যায়, শোষণ-নিষ্পেষণৰ বিৰুদ্ধে জয়মতীৰ যি ত্যাগ,সেই ত্যাগক প্ৰতিজন অসমীয়াই স্বীকৃতি দিবই লাগিব।”
লগতে পঢ়কঃসোণাৰিৰ চফ্ৰাই পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ
অসমৰ থলুৱা খিলঞ্জীয়া লোকসকলক বহিৰাগত পুঁজিপতি সকলে দমনমূলক আঁচৰণৰ জৰিয়তে হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আমি অসমৰ প্ৰতিজন খিলঞ্জীয়া ভূমিপুত্ৰ যেতিয়ালৈকে ঐক্যবদ্ধ হৈ অসমীয়া হিচাপে চিনাকী দিবলৈ সক্ষম নহ’ম তেতিয়ালৈকে আমাৰ ওপৰত এই আক্ৰমণ চলিয়েই থাকিব। গতিকে অসমভূমিক মনে প্ৰাণে ভালপোৱা প্ৰতিজন লোকেই ঐক্যবদ্ধ হোৱাৰ সময় এয়া।
আহোম ৰাজত্বকালৰ মহিয়সী নাৰীসকলৰ মাজত আজিও জিলিকি থকা এটা নাম মহিয়সী জয়মতী। ছশ বছৰীয়া আহোম ৰাজত্বকালৰ এক সংকটময় সময়ত আহোম ৰাজ শাসনৰ অন্যায়, অবিচাৰৰ বিৰুদ্ধে ঠিয় হৈ আত্মবলিদানেৰে নাৰীৰ অদম্য শক্তি, সাহস, বীৰত্ব, স্বদেশ আৰু স্বজাতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰা মহিয়সী নাৰীগৰাকীয়েই হ’ল জয়মতী। মহিয়সী জয়মতীৰ জীয়া ইতিহাসক নতুন প্ৰজন্মক জনোৱাৰ লগতে অসমীয়া নাৰীৰ এই ইতিহাস যাতে অনুপ্ৰেৰণাৰ উৎস হ’ব পাৰে সেই উদ্দেশ্য আগত ৰাখি খামন পহুচুঙী মজলীয়া বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হ’বলগীয়া জয়া স্মৃতি দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা উদযাপন সমিতিৰ সভাপতি ডিম্বেশ্বৰ গগৈয়ে পতাকা উত্তোলন কৰাৰ পাছতে শ্বহীদ তৰ্পণ কৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ চৰাইদেউ জিলা সমিতিৰ সচিব প্ৰধান মানস প্ৰতিমা খামনে।
উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বিদ্যা গগৈয়ে জয়মতীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰাৰ পাছত আবেলি ৰঙাবাম জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা “হেঙুলী চ’ৰা” শীৰ্ষক এটি অনুষ্ঠান পৰিবেশন কৰা লগতে স্থানীয় শিক্ষানুষ্ঠান সমূহৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বিশেষ অনুষ্ঠান আয়োজন কৰা হয়। আনহাতে শ্যামলী চৰাইদেউ সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা সমবেত সংগীত পৰিৱেশন কৰা পাছত সন্ধিয়া অনুষ্ঠিত নাট্যনুষ্ঠানত মাহমৰা মাণিকীৰ পলস নাট্য মঞ্চৰ দ্বাৰা “তেজে ধোৱা জেৰেঙা” নামৰ নাটখন মঞ্চস্থ কৰা হয়। এই উদ্দেশ্যে অনুষ্ঠিত নাট উদ্বোধনী অনুষ্ঠানত সংযুক্ত মুক্তি বাহিনী অসমৰ সভাপতি অৰবিন্দ ৰাজখোৱা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি যুগল বৰুৱা, প্ৰাক্তন ছাত্ৰ নেতা বিপুল ফুকন, বিশিষ্ট সমাজকৰ্মী হেমচন্দ্ৰ গদুকা, বিশিষ্ট লেখিকা কাবেৰী কছাৰী ৰাজকোঁৱৰৰ লগতে বহু কেইগৰাকী শিক্ষাব্ৰতী তথা সমাজ সচেতন লোকৰ লগতে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ কৰ্মকৰ্তা তথা সংবাদকৰ্মী উপস্থিত থাকে। উল্লেখ্য যে জয়মতী স্মৃতি দিৱসৰ লগত সংগতি ৰাখি প্ৰদৰ্শন কৰা ”তেজে ধোৱা জেৰেঙা” নামৰ নাটখনত নৱাগতা অভিনেত্ৰী তথা উদীয়মান সাংস্কৃতিক কৰ্মী কল্যাণী বৰুৱাৰ অভিনয়ে সকলোকে মোহিত কৰে।