সোণাৰিঃ প্ৰতিবছৰৰ দৰে এইবাৰো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৌজন্যত, চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু চৰাইদেউ জিলাবাসীৰ সহযোগত দুই ডিচেম্বৰত কেন্দ্ৰীয় চ্যুকাফা দিৱসৰ আয়োজন কৰা হৈছে।

কেন্দ্ৰীয় চ্যুকাফা দিৱস উদযাপন কৰিবলৈ ইতিমধ্যে ৰাজীৱ ৰাজকোঁৱৰক সভাপতি, চামিম আহমেদক কাৰ্যকৰী সভাপতি আৰু ঝৰ্ণা মহনক সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে।

চ্যুকাফা দিৱসৰ কাৰ্যসূচী অনুসৰি উক্ত দিনা পুৱা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱাই পৰিষদৰ পতাকা উত্তোলন কৰাৰ পাছত শ্বহীদ তৰ্পন কৰিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই।

ইয়াৰ পাছতে সংগঠনটোৰ মুখ্য উপদেষ্টা কমল ভৰালীয়ে স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰিব। আনহাতে দুপৰীয়ালৈ অনুষ্ঠিত হ’বলগীয়া মুকলি সভাখন উদ্বোধন কৰিব চৰাইদেউ জিলাৰ নৱ নিযুক্ত উপায়ুক্ত পল বৰুৱাই।

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা কমল ভৰালীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলগীয়া সভাখনত চেপন মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° অসীম চুতীয়াই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব।

লগতে পঢ়কঃউদণ্ড যুৱকৰ আক্ৰমণত আহত দুগৰাকী ছাত্ৰী

সভাত পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ সভাপতি ড° দয়ানন্দ বৰগোঁহাই, সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, আটাছুৰ যুটীয়া সম্পাদক মিলন বৰগোঁহাই, আটছাৰ সভাপতি ধীৰাজ গোৱালা, মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণৰ লগতে কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ কেন্দ্ৰীয় নেতৃত্ব বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ উপৰিও সাংসদ তপন কুমাৰ গগৈ, মন্ত্ৰী যোগেন মহন, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সমাজকৰ্মী মৃদুল ফুকন সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা সকল আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

মুকলি সভাতেই চ্যুকাফা দিৱস উপলক্ষে প্ৰকাশ পাবলগীয়া স্মৃতিগ্ৰন্থ উন্মোচন কৰিব সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমল চন্দ্ৰ গগৈয়ে। সন্ধিয়ালৈ বন্তি প্ৰজ্বলন কৰাৰ পাছত জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীন, কুসুম কৈলাশ, মাধৱ ৰঞ্জন গগৈ আৰু নিলাক্ষী নেওগে অংশগ্ৰহণ কৰিবলগীয়া সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব চৰাইদেউৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply