সোণাৰিঃ টাই আহোমসকলৰ জাতীয় শ্বহীদ ডামচাও ডিম্বেশ্বৰ গগৈৰ আজি স্মৃতি দিৱস। টাই আহোম জনগোষ্ঠীৰ উত্তৰণৰ বাবে সংগ্ৰাম কৰা আটাছু নেতা ডিম্বেশ্বৰ গগৈক ১৯৮৯ চনত আলফাই নৃশংস ভাৱে হত্যা কৰি তিনিচুকীয়াৰ লক্ষীপথাৰত গণকবৰ দিছিল । কিন্তু ৰহস্যজনকভাৱে আজিও হত্যাকাৰীয়ে নাপালে কোনো ধৰণৰ শাস্তি।
মুকলি আকাশৰ তলত বিনা দ্বিধাই ঘূৰি ফুৰিছে হত্যাকাৰী। আনহাতে ডিম্বেশ্বৰ গগৈক আলফাই কি কাৰণে হত্যা কৰিলে সেই কথাও আজিলৈকে জ্ঞাত নহল। ইয়াৰ পৰিপ্ৰেক্ষিতত সঠিক উত্তৰ দিবলৈ দাবী জনাইছে সদৌ টাই আহোম ছাত্ৰ সন্থাই।
লগতে পঢ়কঃবটদ্ৰৱাত গৃহৰক্ষী জোৱানৰ গৃহৰ পৰা জব্দ ড্ৰাগছ
ইফালে সোণাৰিৰ সাপেখাটিত আজি সদৌ টাই আহোম ছাত্র সন্থা চমুকৈ আটাছুৱে অনুষ্ঠিত কৰা কেন্দ্ৰীয় শ্বহীদ দিৱসত ডামচাও ডিম্বেশ্বৰ গগৈৰ মৈদামস্থলীৰ কাষতে এটা পূৰ্ণাংগ মূৰ্তি উন্মোচন কৰে সাংসদ তপন কুমাৰ গগৈয়ে।
প্ৰতিমূৰ্তি উন্মোচন কৰি সাংসদগৰাকীয়ে কি কাৰণে এই নেতাগৰাকীক হত্যা কৰা হৈছিল সেই কথা স্পষ্ট কৰিবলৈ আহ্বান জনায়।