নিউজ ডেস্কঃ অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্ত্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি।
সোণাৰিত ভোটকেন্দ্ৰত নিয়োজিত আৰক্ষী জোৱানৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।
জিলা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে আৰক্ষীয়ে।
আৰু পঢ়কঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু গোলাঘাট জিলা প্ৰশাসন
প্ৰাপ্যৰ পৰা আৰক্ষীক বঞ্চিত কৰাৰ অভিযোগ আৰক্ষীৰ।
ইফালে তিনিচুকীয়াতো নিৰ্বাচনী বিধি উলংঘাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।
স্থানীয় লোকক দেহৰক্ষীসহ প্ৰাৰ্থীজনে অপদস্থ কৰাক লৈ উত্তেজনা।
আৰু পঢ়কঃ মুম্বাইৰ এখন কভিড হস্পিতালত ভয়াবহ অগ্নিকাণ্ড
নিৰ্বাচন বিধি উলংঘা কৰি বিজেপি প্ৰাৰ্থী সুৰেণ ফুকনে নিশালৈকে চলাই নিৰ্বাচনী প্ৰচাৰ।
প্ৰাৰ্থীজনৰ লগত আছিল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীও।
নিৰ্বাচনী বিধি উলংঘা কৰা সন্দৰ্ভত প্ৰশ্ন কৰিছিল স্থানীয় একাংশই।
বিজেপি প্ৰাৰ্থীৰ এনে কাণ্ডৰ পিছতে ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় একাংশ লোকৰ।