সোণাৰিঃ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ চমৎকাৰী উদ্ভাৱনে মানৱ সমাজলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে যদিও ইয়াৰ বহুল ব্যৱহাৰে সকলোকে যেন যন্ত্ৰ নিৰ্ভৰশীল কৰি তুলিছে ৷ মানৱ সমাজেও সময়ৰ নাটনিৰ দোহাই দি বিজ্ঞানৰ ন-ন আৱিস্কাৰক আঁকোৱালি লোৱাৰ ফলত পুৰণিকলীয়া বহু পৰম্পৰা হ্ৰাস পাবলৈ ধৰিছে ৷ তেনে দৃশ্য এতিয়া দেখা পোৱা গৈছে আঘোণৰ পথাৰত।

শাওনৰ পথাৰত প্ৰখৰ ৰ’দত কপালৰ ঘাম মাটিত পেলাই আশাৰ সপোণ দেখা কৃষকে ভুঁই ৰোৱা সেউজীয়া ধাননিডৰা এতিয়া সোণোৱালী হ’ল। সোণোৱালী সপোনৰ ধান চপোৱাৰ সময় এতিয়া। সেয়ে ব্যস্ততা বাঢ়িছে কৃষকৰ, জীয়ৰী বোৱাৰী দাৱনীজাকৰ । কিন্তু, লাহে লাহে যেন হেৰাই গৈছে আঘোণৰ পথাৰৰ মাদকতা। পথাৰত এতিয়া হ্ৰাস পাইছে দাৱনীৰ সংখ্যা। তাৰ ঠাই লৈছে অত্যাধুনিক যন্ত্ৰপাতিয়ে। আনহাতে পথাৰৰপৰা ঘৰলৈ বুলি লখিমী অনা দৃশ্যবোৰ যেন কালৰ কুটিল গতিত নোহোৱা হ’ব ধৰিছে ৷ যান্ত্ৰিকতাৰ ফলত গৰুৰ গাড়ীখনৰ স্থান পুৰণ কৰিছে ট্ৰেক্টৰে ৷ কৃষকৰ কষ্ট কমিছে যদিও হেৰাই গৈছে সেই মাদকতা ৷

যুগ সলনি হ’ল, সময় সলনি হ’ল , লগে লগে সমাজৰো পৰিবর্তন হ’ল ৷ নগৰৰ উন্নতিৰ লগে লগে গাঁৱসমূহতো প্ৰভাৱ পৰিল উন্নয়নৰ । তেনে এক দৃশ্য এতিয়া দেখা গৈছে সোণাৰিৰ পথাৰত।

সোণাৰিৰ ধাননি পথাৰত চমক সৃষ্টি কৰিছে এখন অত্যাধুনিক বাহনে। হাল বোৱা, কঠিয়া ৰোৱা, ধান কটা, মৰণা মৰা আদি সকলো কাম কৰিব পাৰি এই বাহনখনৰ সহায়ত। অসমৰ ধাননি পথাৰত পূৰ্বে ব্যৱহাৰ নোহোৱা এই বাহনখন অনা হৈছে পঞ্জাৱৰ পৰা। সোণাৰিৰ এজন উদ্যমী যুৱকে ব্যক্তিগত উদ্যোগত ক্ৰয় কৰি অনা এই বাহনখন বৰ্তমান ব্যৱহৃত হৈ আছে সোণাৰিৰ পথাৰত। কম খৰছৰ দিনটোত প্ৰায় ৪০ বিঘা পৰ্যন্ত পথাৰৰ ধান দাই, মৰণা মাৰিব পৰা এই বাহন খন এতিয়া হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,525 other subscribers

Leave a comment

Leave a Reply