সোণাৰিঃ বিজ্ঞান- প্ৰযুক্তিবিদ্যাৰ চমকপ্ৰদ উত্থানৰ পাছতো আজিও উন্নয়ন হোৱা নাই ৰাজ্যৰ বহু অঞ্চল। বিদ্যুৎ সংযোগ, ৰাস্তা ঘাট নিৰ্মাণ তথা বিশুদ্ধ খোৱা পানী সমস্যাৰে জৰ্জৰিত ৰাজ্যৰ বহু ঠাই। তেনে এক অঞ্চল হ’ল সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত টিয়কীয়া ডফলা গাঁও।

চৰাইদেউ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী টিয়কীয়া ডফলা গাঁওৰ জনসাধাৰণে এতিয়াও হাহাকাৰ কৰিব লগীয়া হৈছে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে। বিশুদ্ধ খোৱা পানীৰ অভাৱত নৈৰ পানীকে সেৱন কৰিব লগীয়া হৈছে গাঁওৰ ৰাইজে। মন কৰিবলগীয়া যে, অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা বালিজান নৈৰ পানী দীৰ্ঘদিন ধৰি সেৱন কৰি অহা গাঁওখনত এতিয়াও ৰূপায়ণ হোৱা নাই চৰকাৰৰ অভিলাসী আঁচনি জল জীৱন মিছনৰ কাম। ইয়াৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘদিন ধৰি বিশুদ্ধ খোৱা পানীৰ সমস্যাৰ সন্মুখীন হৈ আহিছে গাঁৱৰ ৰাইজ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply