সোণাৰিঃ সোণাৰিত চাৰিটা নতুন পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।
যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে।
জল জীৱন মিছনৰ অধীনত সোণাৰিৰ চাৰিখন চাহ বাগিচাত পানী যোগান আঁচনি কেইখনৰ আধাৰশিলা স্থাপন কৰা হয়।
সোণাৰিৰ টিয়ক চাহ বাগিচাত এই উদ্দেশ্যে এক অনুষ্ঠান আয়োজন কৰা হয়।
লগতে পঢ়কঃদীৰ্ঘদিন ধৰি ৰ’দে-বৰষুণে পৰি আছে কোটিটকীয়া ট্ৰেন্সফৰ্মাৰ
অনুষ্ঠানত টিয়ক, বৰাহী, চফ্ৰাই আৰু নাফুক চাহ বাগিচাৰ পানী যোগান আঁচনিকেইখনৰ আধাৰশিলা স্থাপন কৰা হয়।
প্ৰায় চাৰে ছয় কোটি টকা ব্যয় সাপেক্ষে এই আঁচনিকেইখন স্থাপন কৰা হ’ব বুলি জানিব পৰা গৈছে।
এই আঁচনিৰ জৰিয়তে টিয়ক চাহ বাগিচাৰ ৫০৫ টা পৰিয়ালৰ লগতে বৰাহীত ৩১০ টা, চফ্ৰাইত ২১৫ টা আৰু নাফুক চাহ বাগিচাত ১৬০ টা পৰিয়ালে বিশুদ্ধ খোৱা পানী লাভ কৰিব।