শুকুৰবাৰৰ পৰা ঐতিহাসিক চৰাইদেউ মৈদাম প্ৰত্নতাত্ত্বিক স্থানত বিশ্ব ঐতিহ্য সপ্তাহ ২০২১’ আৰম্ভণি হৈছে ৷

অসমৰ চৰকাৰৰ প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ দ্বাৰা চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত দিৱস উপলক্ষে টাই আহোম ধৰ্মীয় প্ৰাৰ্থনা আই-চিং লাও পৰিৱেশনেৰে চৰাইদেউ মৈদামক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ শুভাৰম্ভ হয়।

ঐতিহাসিক লাংকুৰি দেওশালৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা চৰাইদেউ মৈদাম প্ৰাংগনত সামৰণি পৰে ৷

‘বিশ্ব ঐতিহ্য সপ্তাহ’ৰ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰ মন্ত্রী যোগেন মহন, সোণাৰি বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, উপায়ুক্ত পল বৰুৱা,বিশিষ্ট ইতিহাসবিদ অধ্যাপক পদ্মশ্রী যোগেন্দ্র নাথ ফুকনে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷
খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ প্ৰত্নতত্ব সঞ্চালকালয়ৰ উদ্যোগত আজিৰেপৰা আৰম্ভ হোৱা অনুষ্ঠান ২৫ নৱেম্বৰলৈকে চলিব ৷

আগন্তুক তিনি বছৰৰ ভিতৰত বিশ্ব ঐতিহ্যৰ তালিকাত চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা। এই কথা জনালে অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন আৰু সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। চৰাইদেউ মৈদাম ক্ষেত্ৰত আজি অনুষ্ঠিত হোৱা বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত এই কথা জনালে সাংবাদিকৰ আগত।

লগতে পঢ়ক: কৃষি আইন প্ৰত্যাহাৰৰ সিদ্ধান্তক আদৰণি কৃষক সংগঠনৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply