সোণাৰিঃ ”যদি আমি জীৱনটো ভোগ কৰিবলৈ বিচাৰোঁ, তেন্তে আমি সদায় যোগ কৰিব লাগিব । নিয়মিত যোগাসনে আমাৰ শৰীৰ সুস্থ কৰি ৰখাৰ লগতে মানসিক শক্তি বৃদ্ধি কৰে। শিশু অৱস্থাৰ পৰাই সকলো ল’ৰা-ছোৱালীক যোগাসনৰ প্ৰতি আকৰ্ষিত কৰিব লাগে।” আজি চৰাইদেউ জিলা সোণাৰি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা জিলা পৰ্যায়ৰ যোগাসন শিবিৰ উদ্বোধন কৰি এইদৰে কয় সোণাৰি মহাবিদ্যালয়ৰ অধ্যাপক ড° চক্ৰপাণি পাতিৰে ।

সমগ্ৰ দেশজুৰি চলি থকা ৰাষ্ট্ৰীয় পোষণ মাহ-২০২১ৰ লগত সংগতি ৰাখি চৰাইদেউ জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু পতঞ্জলি যোগ সমিতিৰ সহযোগত সোণাৰিত জিলা পৰ্যায়ৰ যোগ শিবিৰ সম্পন্ন হয়।

পতঞ্জলি যোগ সমিতিৰ সভাপতি বুদ্ধেশ্বৰ বুঢ়াগোঁহাই, সম্পাদক প্ৰদীপ বৈদ্যৰ লগতে সমিতিৰ বিষয়ববীয়াসকলে আজিৰ শিবিৰত সমল ব্যক্তি হিচাবে উপস্থিত থাকি বিভাগৰ অংগনবাড়ী কৰ্মী-সহায়িকাসকলক প্ৰশিক্ষণ প্ৰদান কৰে।

লগতে পঢ়কঃসীমান্তবৰ্তী অঞ্চলত অপৰাধ নিয়ন্ত্ৰণৰ বাবে গাঁৱৰক্ষী বাহিনীৰ বিশেষ পদক্ষেপ

চৰাইদেউ জিলা পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱাই আঁত ধৰা এই যোগাসন শিবিৰত প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ জিলা কাৰ্যক্ৰম সমন্বয়ক নৱজ্যোতি গগৈ, সমাজকৰ্মী ফুলমাই বৰা, লেখিকা সংগীতা চুতীয়া তামুলীকে প্ৰমুখ্য কৰি সমাজ কল্যাণ বিভাগ আৰু পতঞ্জলি যোগ সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

এই উপলক্ষে চৰাইদেউ জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু পতঞ্জলি যোগ সমিতিৰ সহযোগত সোণাৰিত জিলা পৰ্যায়ৰ যোগ শিবিৰ সম্পণ্ণ হয় ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply