সোণাৰি: আজিৰ নবপ্ৰজন্মৰ মাজত এনে এমুঠিমান যুবক যুৱতী আছে যি সমাজখনৰ লগতে আৰ্তজনক লৈ সদায়েই নিজা উদ্যোগতে কিবা এটা কৰাৰ বাবে আগুৱাই আহিছে ।
সোণাৰিৰ তেনে এগৰাকী আজিৰ প্ৰজন্মৰ মানৱদৰদী যুৱক প্ৰাচুৰ্য ই সদায়েই এনে কিছু ব্যক্তিৰ বাবে কিবা এটা কৰাৰ বাবে আগবাঢ়ি আহিছে । এইবাৰো প্ৰাচুৰ্যই তেনে এচাম খাদ্য, বস্ত্ৰৰ অভাবী সকলৰ সৈতে মিলি ব্যতিক্ৰমী ভাৱে পালন কৰিলে জন্মদিন।
ৰং-তামাছা নহয়, পদপথৰ বাসিন্দা তথা আৰ্তজনক অন্ন আৰু বস্ত্ৰদান কৰি নিজৰ জন্ম দিন পালন কৰিলে সোণাৰিৰ এইজন যুৱকে। শ্বিলঙৰ এখন শিক্ষানুষ্ঠানত অধ্যয়নৰত সোণাৰিৰ যুবক প্ৰাচুৰ্য বৰগোঁহাই। বিগত সময়তো আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়োৱা প্ৰাচুৰ্যই শিৱসাগৰ নগৰৰ লগতে নাজিৰা, শিমলুগুৰি আৰু সোণাৰিৰ পদপথত বাস কৰা আশ্ৰয়হীন লোকসকললৈ আগবঢ়ালে সহায়ৰ হাত।
নিজৰ জন্মদিনটোত এনেদৰে অৰ্ধ শতাধিক লোকক এমুঠি অন্ন যোগান ধৰাৰ লগতে ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ কম্বল যোগান ধৰি মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে। যুব প্ৰজন্মৰ মাজত এনে ধৰনৰ চিন্তা চৰ্চাই সমাজক সঠিক পথৰ সন্ধান দিয়াৰ আশাবাদী সকলো ।
লগতে পঢ়ক- বিধায়ক চিৰাজউদ্দিন আজমলৰ পদপথত পুথিভঁৰাল