সোণাৰি: এতিয়ালৈকে যিকেইটা জনগোষ্ঠীক জনজাতিকৰণ কৰা হ’ল সেই সমূহৰ কোনো অসুবিধা নোহোৱাকৈ ছয় জনগোষ্ঠীক জনজাতিকৰণ মৰ্যদা দিলে আপত্তি নাই এবছুৰ।

চৰাইদেউ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ ৰূপালী জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিলে এবছুৰ সভাপতি দ্বীপেন বড়োৱে। চৰাইদেউ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশন আৰু ৰূপালী জয়ন্তী বৰ্ষ আজি সামৰণি পৰে।

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন আদিৰ পাছতে সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হয়।

আনহাতে বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰীয়ে উদ্বোধন কৰা মুকলি সভাত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়ো মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

নিখিল বড়ো ছাত্ৰ সন্থাৰ কেইবাগৰাকীও কেন্দ্ৰীয় নেতাৰ লগতে বড়ো সাহিত্য সভা, বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদৰ নেতা তথা বহু কেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে।

লগতে পঢ়ক- টীয়কত পুনৰ দিন দুপৰতে চোৰৰ লুটপাত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply