সোণাৰিঃ সোণাৰিৰ কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চেলেং গাঁৱৰ বাসিন্দা মনোজ ওজা নামৰ লোকজন বিগত এসপ্তাহে নিৰুদ্দেশ হৈ থকাত উদ্বিগ্ন হৈ পৰিছে পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজ। তথ্য অনুসৰি বিগত এমাহৰ আগতে ৰাজস্থানত কাম কৰিবলৈ বুলি কাকতিবাৰীৰ চেলেংগাঁৱস্থিত নিজৰ ঘৰৰপৰা গৈছিল মনোজ ওজা। ৰাজস্থানৰ এটা প্লাইউড ফেক্টৰীত এমাহ কাম কৰাৰ পাছত যোৱা ৭ জুলাই তাৰিখে তেখেতে ঘৰলৈ বুলি ৰাওনা হোৱাৰ উদ্দেশ্যে জয়পুৰ ৰেল ষ্টেচনত উপস্থিত হয়।
কিন্তু দুৰ্ভাগ্যজনকভাৱে লোকজনে দিকবিদিক হেৰুৱাই পাকিস্তান অভিমুখী ট্ৰেইন এখনত উঠে আৰু তেখেতৰ নথি-পত্ৰসহিতে এটা বেগ ষ্টেচনতে থাকি যায়। পৰৱৰ্তী সময়ত জয়পুৰ ৰেল ষ্টেচন কৰ্তৃপক্ষই উদ্ধাৰ কৰা মনোজ ওজাৰ বেগত থকা আধাৰ কাৰ্ডৰপৰা ফোন নম্বৰ সংগ্ৰহ কৰি ঘৰৰ লগত যোগাযোগ কৰে ঘটনা সন্দৰ্ভত জানিব পাৰে পৰিয়ালৰ লোকসকলে। ইয়াৰ পাছতেই যোৱা ৮ জুলাইত মনোজ ওজা নামৰ লোকজনে আন এজন লোকৰ মোবাইল ফোনৰপৰা ঘৰলৈ ফোন কৰি তেখেত পাকিস্তান সীমান্তত থকা বুলি জানিবলৈ দিয়ে।
মনোজ ওজাক উদ্ধাৰ কৰিবলৈ এতিয়া হাহাকাৰ লাগিছে পৰিয়ালৰ লোকৰ। ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত কাকতিবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে যদিও আজিলৈকে কোনো ধৰণৰ শুংসূত্ৰ লাভ কৰা নাই মনোজ ওজাৰ পৰিয়ালে।