YouTube video

শোণিতপুৰ: শোণিতপুৰৰ বালিপৰাত যুৱতীক হত্যাৰ চেষ্টা। পথাৰত ভূই ৰুই থকা অৱস্থাত যুৱতীগৰাকীৰ ডিঙি চেপি হত্যাৰ চেষ্টা চলাই এজন যুৱকে। কথমপি প্ৰাণ ৰক্ষা পৰিল যুৱতীগৰাকীৰ।

শোণিতপুৰৰ বালিপৰাত সংঘটিত হৈছে এই ভয়ঙ্কৰ ঘটনা | বালিপৰাৰ জংঘলবস্তিৰ এঘৰ লোকৰ পথাৰত ভূই ৰুই থকা অৱস্থাত যুৱতীগৰাকীক সমীপতে কাম কৰি থকা এজন যুৱকে পাছফালৰ পৰা ডিঙি চেপি হত্যাৰ চেষ্টা চলোৱাৰ সময়তে যুৱতীগৰাকীয়ে চিঞৰ বাখৰ কৰে |

লগে লগে গঞাঁ ৰাইজ আহি যুৱতীগৰাকীক উদ্ধাৰ কৰাৰ লগতে যুৱকজনক উত্তম মাধ্যম সোধাই আৰক্ষীক চমজাই দিয়ে | ধৃত যুৱকজন চেঙেলীমাৰী গৌজিংবিলৰ দুলাল দৈমাৰী বুলি চিনাক্ত কৰা হয় |

আৰু পঢ়ক: পূব জয়কুছিত পাতিদৰং শাখা নাট্য সন্মিলন গঠনৰ উদ্দেশ্যে সাধাৰণ সভা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply