শোণিতপুৰঃ শোণিতপুৰ জিলাত ক’ভিড আক্ৰান্ত হাৰ বৰ্তমানলৈ নিম্নগামী হোৱা নাই।

আৰক্ষী আৰু প্ৰশাসন এই ক্ষেত্ৰত যথেষ্ট কঠোৰ হৈছে যদিও কমা নাই আক্ৰান্তৰ হাৰৰ লগতে মৃত্যুৰ হাৰ।

উল্লেখ্য যে, শোণিতপুৰত বৃহস্পতিবাৰে ১৭৩ গৰাকী নতুনকৈ পজিটিভ ৰোগী পোৱা গৈছে। মৃত্যু হৈছে ৩গৰাকী লোকৰ।

আৰু পঢ়কঃ‘জল জীৱন মিছন’ৰ অধীনত ৬ লাখ ৫০ হাজাৰ পৰিয়ালে খোৱা পানীৰ সংযোগ লাভ কৰিলে

জিলাখনত সংক্ৰমণৰ হাৰ হৈছে ২.৬৪ শতাংশ। শোণিতপুৰ জিলাত বৰ্তমান সময়লৈকে ক’ভিডত মৃত্যুৰ সংখ্যা বৃদ্ধি পালে ১৯১ জনলৈ ।

গ্ৰামাঞ্চল আৰু বাগিচা এলেকাত আক্ৰান্তৰ হাৰ বৃদ্ধি পোৱাৰ পিছত এতিয়া গাওঁ সমূহৰ ৰাইজ সজাগ সচেতন হোৱা পৰিলক্ষিত হৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply