তেজপুৰ/জামুগুৰিহাটঃ ৰাজ্যত নতুনকৈ প্ৰকাশ পোৱা SOP অনুসৰি শোণিতপুৰ, নগাঁও, বিশ্বনাথকে ধৰি কেইবাখনো জিলাত সম্পূৰ্ণ কন্টেইনমেন্ট জ’ন ৰূপে ঘোষণা কৰা হৈছে।
শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ এলেকাৰ অঞ্চলসমূহত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমন।
আজি বালিপাৰাত নিতাল -নিস্তব্ধ পৰিবেশ। পুৱাৰ পৰাই সকলো চোৱা চিতা কৰিছে চাৰিদুৱাৰ প্ৰশাসনে ।
আৰু পঢ়কঃমহানগৰীত আজিৰে পৰা সান্ধ্য ভ্ৰমণৰ বাবে ওলাই নাহিব
ইফালে,ক’ভিড নীতি ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি শোণিতপুৰ প্ৰশাসনৰ ৷
ক’ভিড সংক্ৰমন নিয়ন্ত্ৰণাধীন নোহোৱাৰ হেতু শোণিতপুৰ জিলাক কনটেইন্টমেন্ট জ’ন ঘোষণা কৰাৰ পিচৰেপৰা কঠোৰ হৈ পৰিছে প্ৰশাসন ৷
ক’ভিড প্ৰটকল ভংগকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান চলাই আছে ৷ ক’ভিড প্ৰট’কল ভংগকাৰী সকলক অনাগত সময়ত কঠোৰ পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰে আৰক্ষী- প্ৰশাসনে।