জামুগুৰিহাটঃ জামুগুৰিহাটত কৰোনাৰ উদ্বেগজনক গণ সংক্ৰমণৰ মাজতেই হোম ডেলিভাৰি কৰা একাংশ ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাত সমস্যাত পৰিছে সৰ্বসাধাৰণ ৰাইজ।

যাৰ বাবেই মঙলবাৰে জামুগুৰিহাটত এইসকল মূল্যবৃদ্ধি ঘটোৱা অসাধু ব্যৱসায়িক কঠোৰ সকিয়নি প্ৰদান কৰে শোণিতপুৰ জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে।

লগতে পঢ়কঃধেমাজিৰ এটি দুৰ্ভগীয়া শিশুৰ কৰুণ কাহিনী

জামুগুৰিহাটৰ কভি’ড পৰিস্থিতি পৰ্য্যালোচনা কৰিবলৈ জামুগুৰিহাটত উপস্থিত হোৱা জিলা উপায়ুক্ত গৰাকীয়ে জটিল তথা সংকটপূৰ্ণ সময়ত মূল্যবৃদ্ধি ঘটোৱা অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে শীঘ্ৰেই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply