শোণিতপুৰঃ ৰাজ্য়ত দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিডত আক্ৰান্তৰ হাৰ।

কোভিড-১৯ত আক্ৰান্ত হৈ বুধবাৰে জিলাখনৰ দুগৰাকী মহিলাৰ মৃত্যু হৈছে।

মৃত মহিলা দুগৰাকী মিছামাৰীৰ সন্ধ্যা ৰাণী দেৱী(৭৫) আৰু ৰঙাপৰাৰ শান্তি বিশ্বকমা (৬০)।

শোণিতপুৰত মঙলবাৰৰ দিনটোতে ২৭৫ জন লোক কোভিড১৯ত আক্ৰান্ত হৈছে।

সুস্থ হৈ উঠিছে ৪৮ গৰাকী আৰু চিকিৎসাধীন হৈ আছে ১৭৮৯ গৰাকী লোক।

মঙলবাৰৰ দিনটোত কৰোণাত আক্ৰান্ত হৈ শোণিতপুৰত ৪ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে।

মৃত লোককেইজন ৰঙাপৰাৰ বাদল বৰুৱা (৭০) , জহামাৰিৰ প্ৰিয়কান্ত নাথ (৭৩) ,গৌৰাঙ্গ গুৱালা(৫৫), ঠেলামৰাৰ কিৰণ চন্দ্ৰ (৬৩)।

বৰ্তমানলৈকে জিলাখনত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮ গৰাকীলৈ বৃদ্ধি পালে ।

আৰু পঢ়কঃবিশ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি ভাৰতত এদিনত ক’ভিডত মৃত্যু হ’ল ৪,৫২৯ জন ৰোগীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply