জামুগুৰিহাটঃ শোণিতপুৰ জিলাক ৭ দিনৰ বাবে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা হোৱাৰ প্ৰথমটো দিনত স্তব্ধ হৈ পৰিছে জামুগুৰিহাটো ।
মংগলবাৰে প্ৰকাশ পোৱা ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ নতুন SOP অনুসৰি আন ছয়খন জিলাৰ লগতে শোণিতপুৰ জিলাকো আজিৰ পৰা কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰাৰ পাছত জিলাখনৰ জামুগুৰিহাটতো প্ৰথম দিনা পৰাই দেখা গ’ল নিতাল নিস্তব্ধ পৰিবেশ।
আৰু পঢ়কঃনগাঁৱৰ কঠিয়াতলী আৰু ৰাঙলুত তিনিটাকৈ শিশুৰ মৃতদেহ উদ্ধাৰ
বন্ধ হৈ পৰিছে জামুগুৰিহাটৰ সকলোবোৰ দোকান -পোহাৰ। শূণ্য হৈ পৰিছে বাট -পথ যাতায়তো । কেৱল খোলা আছে গেলা মালৰ দোকান, ফাৰ্মাচী আৰু ফল-মূলৰ দোকানসমূহ।
উল্লেখ্য যে, লক ডাউন বলবৎ থকা জিলা সমূহত অত্যাৱশ্যকীয় সেৱাসমূহৰ লগতে গেলামাল দোকান, পাচলিৰ দোকান,ফল-মূলৰ দোকান, গাখীৰ দোকান,পশু খাদ্যৰ দোকান সমূহ বিয়লি ৫ বজালৈ ক’ভিড নিয়ম মানি খোলা ৰাখিব পাৰিব।