তেজপুৰঃ বুধবাৰে সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰে ঈদ উল আজহা।
ক’ভিড সৃষ্ট পৰিৱেশৰ মাজতে অনুষ্টুপীয়াকৈ ঈদ উদযাপন কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। অৱশ্যে ক’ভিড মহামাৰীৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে ।
শোণিতপুৰ জিলাতো চৰকাৰৰ নীতি-নিৰ্দেশনা মানি চলি সকলোৱে সামাজিক দূৰত্ব বজাই ৰখাৰ স্বাৰ্থত ঈদগাহত বা মছজিদত সামূহিক নামাজ নপঢ়ি নিজ নিজ ঘৰতে ঈদৰ নামাজ পঢ়ি ঈদ উদযাপন কৰে।
লগতে পঢ়কঃমুখ্যমন্ত্ৰীলৈ গীতেৰে ঈদৰ শুভেচ্ছা জনালে এগৰাকী ছাত্ৰীয়ে
গণসংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত চৰকাৰ তথা জিলা প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা মানি চলিবলৈ সমূহ ৰাইজক শোণিতপুৰ জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে জনোৱা আহ্বানৰ প্ৰতি সমৰ্থন কৰি নিজ নিজ ঘৰতে সকলোৱে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে নামাজ পাঠ কৰে।