তেজপুৰঃ শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ ঠেলামৰা ৰাজহ চক্ৰ এলেকাৰ তেলীয়াগাঁৱত ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গৰাখহনীয়া ৷

বিগত কেইবাবছৰ ধৰি গৰা-খহনীয়া অব্যাহত থকাত উক্ত এলেকাটোৰ হেজাৰ হেজাৰ বিঘা কৃষিভূমি ইতিমধ্যে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছে ৷

খহনীয়াগ্ৰস্ত অঞ্চলটোত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্য উপস্থিত হৈ দুৰ্ভগীয়া কৃষক ৰাইজৰ সমস্যাৰ বুজ লয় ৷

খহনীয়াৰ কবলত পৰি সৰ্বস্বান্ত হৈ দিকবিদিক হেৰোৱা ৰাইজৰ দুখ-দুৰ্দশা চাই ৰাজ্যৰ মিত্ৰজোঁটৰ বিজেপি চৰকাৰ তথা ৰাজ্যৰ  জলসম্পদ বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰে কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্য৷

উক্ত অঞ্চলটোৰ দুৰ্ভগীয়া ৰাইজৰ খবৰ লবলৈ আহৰি নোপোৱা জলসম্পদ বিভাগৰ দায়িত্বহীনতাৰ কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই ক্ষোভ প্ৰকাশ কৰে। লগতে তেলীয়াগাৱঁৰ ক্ষতিগ্ৰস্ত কৃষক ৰাইজক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰি বান-গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে চৰকাৰক দাবী জনায় ৷

লগতে পঢ়কঃগোৰেশ্বৰৰ পূব ৰামগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply