শোণিতপুৰঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ১০নং ৱাৰ্ডৰ গান্ধী মৈদাম খেল পথাৰৰ সমীপত কাপোৰৰ গুদামত সংঘটিত হয় অগ্নিকাণ্ড। অগ্নিকাণ্ডত ইমাদ আনচাৰী, ৰহমত আনচাৰী, দেলহি জয়চোৱাল আৰু বিনোদ ৰায়ৰ চাৰিটাকৈ কাপোৰৰ গুদাম ভস্মীভূত হয়।

অগ্নিকাণ্ডত জাহ গৈছে প্ৰায় ৫০ লাখ টকাৰ কাপোৰ। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পাছতেই ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হয়। পিছে অগ্নিকাণ্ডটি কেনেকৈ সংঘটিত হ’ল তাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply