তেজপুৰঃ নিজ নিজ বিদ্যালয়ৰ স্বমূল্যায়নৰে বুধবাৰৰ পৰা ৪ মে’লৈকে অনুষ্ঠিত হ’ব লগীয়া তৃতীয় পৰ্যায়ৰ গুণোৎসৱ শোণিতপুৰত আৰম্ভ হৈছে। বুধবাৰে জিলাখনৰ প্ৰত্যেকখন বিদ্যালয়ৰে স্বমূল্যায়নৰে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ এনেদৰে আৰম্ভ কৰাৰ পিছত বৃহস্পতিবাৰৰ পৰা ৪ মে’লৈকে নিৰ্দিষ্ট সূচী অনুসৰি বিদ্যালয়সমূহত চৰকাৰে নিয়োজিত কৰা বহী মূল্যায়ক অৰ্থাৎ নিৰীক্ষকৰ উপস্থিতিত গুণোৎসৱ সম্পন্ন হ’ব।
আজি অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ৰবী শংকৰ প্ৰসাদে বিশেষ নিৰীক্ষক অৰ্থাৎ বহী মূল্যায়ক হিচাপে উপস্থিত থাকিব। বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিজয় কাণ্ডুলনাই আৰম্ভণিতে সকলো শিক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰি দুদিনীয়া গুণোৎসৱৰ বাবে সকলো দিশ অৱগত কৰাৰ পিছত প্ৰাৰ্থনা সভাত বাতৰি কাকত পঢ়া, শপত বাক্য পাঠ, শাৰীৰিক অনুশীলন, মহৎ লোকৰ বাণী, নিৰ্দিষ্ট বিষয়ৰ ওপৰত ভাষণৰ লগতে জাতীয় সংগীতেৰে প্ৰাতঃসভাৰ কাৰ্যসূচী সমাপ্ত কৰে।
উল্লেখ্য যে, শোণিতপুৰ জিলাৰ বালিপৰা, ঢেকীয়াজুলি, গাভৰু আৰু ন দুৱাৰ শিক্ষাখণ্ডৰ অধীনস্থ ১১৬৮ খন বিদ্যালয়ত বিশ্বনাথ চাৰিআলি, ওদালগুৰি আৰু নগাঁও জিলাৰ পৰা নিয়োজিত ৩৯৭ গৰাকী বিশেষ নিৰীক্ষকে এই গুণোৎসৱত শিক্ষাৰ্থীসকলৰ বিগত লকডাউনৰ বৰ্ষৰ পাৰদৰ্শিতাৰ মূল্যায়ন কৰে। তৃতীয় পৰ্যায়ৰ গুণোৎসৱত শোণিতপুৰ জিলাৰ চাৰিটা শিক্ষাখণ্ডৰ সৰ্বমুঠ ১৪৩১০৮ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হয়। আনহাতে এই গুণোৎসৱত বিশেষ নিৰীক্ষক হিচাপে জিলাখনত কেইবাগৰাকীও মন্ত্ৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ ৬ গৰাকীকৈ শীৰ্ষ বিষয়াই অংশ গ্ৰহণ কৰি বিদ্যালয় সমূহত শিক্ষাৰ্থীৰ গুণগত মান নিৰূপণ কৰে।
তেজপুৰ চহৰৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ত আজি অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ৰবী শংকৰ প্ৰসাদ নিৰীক্ষক হিচাপে উপস্থিত থকাৰ লগতে উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত ঐনাম শৰণ কুমাৰ সিং, আই এফ এছ বিষয়া ড০ সত্যেন্দ্ৰ সিং, আই পি এছ বিষয়া দিগন্ত বৰা, আই এ এছ বিষয়া আকাশদ্বীপ আৰু আন এগৰাকী অতিৰিক্ত মুখ্য সচিব তথা আই এ এছ বিষয়া পৱন কুমাৰ বৰঠাকুৰে তেজপুৰৰ মাজ দেউৰীগাঁও প্ৰাথমিক বিদ্যালয়, কেতেকীবাৰী এম ই আৰু কেতেকীবাৰী প্ৰাথমিক বিদ্যালয়ৰ লগতে তেজপুৰ চহৰৰ চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ত নিৰীক্ষক হিচাপে উপস্থিত থাকে। আনহাতে বিদ্যালয় সমূহৰ স্বমূল্যায়নৰ দিনটোত এনেদৰে ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি সুৰেশ চিৰোহীয়া, উপসভাপতি দুৰ্গাময়ী বৰা, সদস্য জ্ঞান শৰ্মাৰ উপস্থিতিত শিক্ষক শিক্ষয়িত্ৰী সকলে পঠনেৰে স্ব মূল্যায়ন কৰে ছাত্ৰ ছাত্ৰীসকলক।