জামুগুৰিহাটঃ মডেলিঙৰ ক্ষেত্ৰখনত জিলিকিল অসম সন্তান কৃতি ছেত্ৰী। শোণিতপুৰৰ লখৰাৰ ৩৭ বছৰীয়া কৃতি ছেত্ৰীয়ে মডেলিঙৰ জৰিয়তে ৰাজস্থান জয়পুৰত অনুষ্ঠিত কৰা এম এম টি মডেল ইণ্ডিয়াৰ উদ্যোগত মিছ এণ্ড মিছেছ টপ মডেল ইণ্ডিয়া ২০২১ৰ ছিজন-২ দ্বিতীয় ৰানাৰ্ছ আপ লাভ কৰিবলৈ সক্ষম হয়।
কৃতিয়ে সৰুৰে পৰাই মডেলিঙৰ প্ৰতি বিশেষ আগ্ৰহী আছিল। অশেষ কষ্ট, বাধাক নেওচি আগুৱাই গৈছিল মডেলিঙৰ ক্ষেত্ৰখনত। ২০১৪ চনৰ পৰা মডেলিঙৰ জগতখনত খোজ পেলাইছে কৃতিয়ে।

প্ৰতিভাসম্পন্ন মহিলা কৃতিয়ে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিভিন্ন মঞ্চত মডেলিঙ প্ৰদৰ্শন কৰি ৰাইজৰ মাজত চমক সৃষ্টি কৰি মৰম বুটলিবলৈ সক্ষম হৈছে।
কৃতি শোণিতপুৰৰ লখৰাৰ বোৱাৰী। এগৰাকী বিবাহীত মহিলা হৈয়ো নিজৰ ঘৰৰ কামকো নেওচি এনে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হোৱাত অঞ্চলবাসীয়ে শলাগ লৈছে।
লখৰাৰ বুঢ়াগাঁৱৰ জ্যোতি সংঘৰ মহিলা সদস্যসকলে ফুলাম গামোছাৰে উস্ম আদৰণি জনায় কৃতি ছেত্ৰীক।
লগতে পঢ়কঃচৰকাৰী খণ্ডত দেশৰ ভিতৰত প্ৰথমটো ‘PET MRI মেচিন স্থাপন