তেজপুৰঃ কৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি শোণিতপুৰ জিলা প্ৰশাসনে স্বাস্থ্য বিভাগৰ জৰিয়তে বিগত দুদিনত মেগা ভেকচিন প্ৰদানৰ ব্যৱস্থা হাতত লৈছে।

বুধবাৰে জিলাখনৰ ভেকচিনৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত সত্যজিৎ চেতিয়াৰ তৎপৰতাত তেজপুৰৰ সংখ্যালঘু অধ্যুষিত দোলাবাৰী গাঁও পঞ্চায়ত, পাঁচমাইল এলেকাৰ লগতে ঢেকীয়াজুলি শ্বহীদ উদ্যানত ব্যাপক হাৰত কৰোনাৰ ভেকচিন প্ৰদান কৰা হয়।

পুৱাৰে পৰা দোলাবাৰী পঞ্চায়তৰ অধীনস্থ লোকসকলে অতি উৎসাহেৰে ওলাই আহে ভেকচিন গ্ৰহণ কৰিবলৈ ।

আৰু পঢ়কঃমঙলবাৰে দেশত ৫০,৮৪৮ জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত

অতিৰিক্ত উপায়ুক্ত সত্যজিৎ চেতিয়াই সকলোকে শৃংখলিত ভাবে শাৰীৰিক ব্যৱধান পালন কৰি ভেকচিন গ্ৰহণ কৰাৰ ক্ষেত্ৰত তৎপৰতা প্ৰদৰ্শন কৰে ।

যোৱা দুটা দিনত ২০ হাজাৰকৈ অধিক লোকক কৰোনা ভেকচিন প্ৰদানৰ ব্যৱস্থাৰে জিলাখনৰ সকলো শ্ৰেণীৰ নাগৰিকক বিভিন্ন ভেকচিন প্ৰদান কেন্দ্ৰত বিশেষ ব্যৱস্থা হাতত লোৱা হয়।

শোণিতপুৰ জিলাত কৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ভেকচিন প্ৰদানৰ ব্যৱস্থাও সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত অধিক বৃদ্ধি কৰা পৰিলক্ষিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply