শোণিতপুৰঃ শোণিতপুৰত মাৰণাস্ত্ৰসহ আত্ম সমৰ্পণ এন এল এফ বিৰ ছয় দুৰ্ধৰ্ষ কেডাৰ ৷ আত্মসমৰ্পণ কৰা কেডাৰ কেইজন হ’ল ক্ৰমে শোণিতপুৰ চাৰিদুৱাৰৰ ১২মাইল অঞ্চলৰ গেওলাঙ গনাইথি , বসুমতাৰী উৰফে বি গনাইথি, চাৰিদুৱাৰৰ গিবিয়ান বসুমতাৰী উৰফে বি গৌৰা , কোকৰাঝাৰৰ ছেৰফানগুৰি আথিয়াবাৰীৰ তৰুণ বসুমতাৰী উৰফে বি থৈথাঙ, চিৰাঙৰ আমগুৰিৰ যিশুৱা বসুমতাৰী উৰফে বি জংলাঙ , বিদাই নাৰ্জাৰী আৰু এলছন বসুমতাৰী উৰফে ছেৰফাঙ ৷

২৭ জানুৱাৰী ২০২০ত কেন্দ্ৰীয় চৰকাৰৰ স’তে এন ডি এফ বি , এবছু আৰু ইউ বি পি অ’ৰ স’তে কেন্দ্ৰীয় চৰকাৰৰ তৃতীয়টো বড়ো শান্তি চুক্তি সম্পন্ন হোৱাৰ প্ৰায় ৯মাহৰ পিছত জন্ম লাভ কৰা নেচনেল লিবাৰেশ্যন ফ্ৰন্ট অৱ বড়োলেণ্ড চমুকৈ এন এল এফ বিয়ে শেহতীয়াকৈ আৰক্ষীৰ মূৰৰ কামোৰনি সৃষ্টি কৰাৰ সময়তে কালি উগ্ৰপন্থী সংগঠনটোৰ এই ছয় গৰাকী দুৰ্ধৰ্ষ কেডাৰে অস্ত্ৰ-শস্ত্ৰসহ শোণিতপুৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

উল্লেখ্য যে, কেডাৰসকলে বুধবাৰে পুৱা শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ থানাত আত্মসমৰ্পণ কৰাৰ সময়ত এটা একে ৫৬ ৰাইফলসহ এটা মেগজিন আৰু ১৪৬ সজীৱ গুলী, দুটা পিষ্টলসহ এটা মেগজিন আৰু তিনিটা গুলী, হস্তনিৰ্মিত দুটা এছবিবিএল, দুটা সজীৱ গ্ৰেণেড, দুখন খুকুৰী, ৭টা মোবাইল ফোন আৰু এখন মটৰচাইকেলো কেডাৰকেইজনে আৰক্ষীৰ ওচৰত জমা দিয়ে বুলি সংবাদ মেলৰ জৰিয়তে শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক ডা০ ধনঞ্জয় ঘনাৱতে সদৰী কৰে। আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানকে প্ৰমুখ্য কৰি কেবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ নেতৃত্বত ৰাজ্যখনত উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে অব্যাহত ৰখা ব্যাপক অভিযানৰ ফলশ্ৰুতিত সন্তাসবাদীৰ কাৰ্যকলাপ হ্ৰাস পোৱাৰ লগতে বহুসংখ্যক তেনে কেডাৰে আত্মসমৰ্পণ কৰাত ক্ৰমান্বয়ে শান্তিৰ পৰিৱেশ ঘূৰি আহিছে ৷ অসম আৰক্ষীয়ে উগ্ৰপন্থীৰ বিৰুদ্ধে কঠোৰস্থিতি গ্ৰহণ কৰাৰ সমান্তৰালভাৱে শোণিতপুৰ আৰক্ষীয়েও বিগতদিন কেইটাত চোৰাংচোৱাসহ অব্যাহত ৰখা অভিযানৰ বাবে বুধবাৰে এন এল এফ বিৰ এই ছয়গৰাকী কেডাৰে মাৰণাস্ত্ৰসহ আত্মসমৰ্পণ সমৰ্পণ কৰিবলৈ বাধ্য হয় ৷ সম্প্ৰতি সৰ্বসাধাৰণ ৰাইজে সশস্ত্ৰ সংগঠনক সহজভাৱে নোলোৱাৰ বাবেই আৰক্ষীৰ অভিযান সফল হ’বলৈ লৈছে বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে সম্প্ৰতি আত্মগোপন কৰি থকা এন এল এফ বিৰ দুৰ্ধৰ্ষ কেডাৰ প্ৰবাল দৈমাৰী আৰু বিজয় বসুমতাৰীকো অনতি পলমে আত্মসমৰ্পণ কৰাৰ বাবে আহ্বান জনায় সংবাদ মাধ্যমৰ জৰিয়তে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply