জামুগুৰিহাটঃ শোণিতপুৰ জিলাত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। ইতিমধ্যে জিলাখনৰ বহু কণ কণ শিশু আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। তাৰ পাছতো যেন সজাগ নহয় একাংশ লোক।
চহৰখনত মাস্ক অবিহনে ঘূৰি ফুৰিছে বহু লোক। এই সকল লোকৰ বিৰুদ্ধে আৰক্ষীয়ে প্ৰতিদিনে সংগ্ৰহ কৰি আহিছে জৰিমনা। তাৰ পাছতো যেন গা লৰা নাই এনে লোকসকলৰ।
আৰু পঢ়কঃতেজপুৰত কৰোনা ভেকচিনৰ অভাৱত ৰাইজৰ মাজত হাহাঁকাৰ
বালিপৰাত “ৰক্তদাতা” স্বেচ্ছাসেৱী সংগঠন উপস্থিত হৈ এই মাস্ক নিপিন্ধা বা কোভিড বিধি উলংঘা কৰা লোকসকলক ৰখাই এপাহকৈ ৰঙা গোলাপ আৰু এখনকৈ N95 মাস্ক বিতৰন কৰি বৰ্তমান সময়ত মাস্কৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰে ।