তেজপুৰঃ শোণিতপুৰৰ বৰছলাৰ বছাশিমলুত মৃত ঢেকীয়াপতীয়া বাঘ উদ্ধাৰ। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ঢেকীয়াপতীয়া বাঘটো হত্যা কৰি গাঁত খান্দি পুতা থোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। দেওবাৰে বন বিভাগৰ তৎপৰতাত উক্ত স্থানৰ পৰা বাঘটো উদ্ধাৰ কৰি বন বিভাগৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত পশু চিকিৎসকে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত বাঘটোৰ মৃতদেহ দাহ কৰা হয় ৷
বনবিভাগৰ লোকে মৃত বাঘটো নিৰীক্ষণ কৰি বাঘটো হত্যা কৰা ২০-২৫ দিন হৈছে বুলি মন্তব্য কৰিছে। এইয়া কোনো চোৰাং চিকাৰীৰ কাণ্ড নহয় যদিও কোনো লোকে ক্ষোভত বাঘটোক হত্যা কৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। মৃত বাঘটো আজিবুৰ ৰহমান নামৰ এজন লোকৰ খেতি পথাৰত উদ্ধাৰ কৰা হৈছে। বৰ্তমানলৈকে আজিবুৰ ৰহমান পলাতক অৱস্থাত আছে ৷ বন বিভাগ আৰুু প্ৰশাসনে বাঘ নিধনত জড়িত দুস্কৃতিকাৰীৰৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে। এই ঘটনাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱ-জন্তুৰ সুৰক্ষা আৰু নিৰাপত্তা দিশটোৰ এক ফোপোলা স্বৰূপ উদঙাইছে।