শোণিতপুৰঃ শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত থকা জ্যেষ্ঠ – বিশিষ্ট ব্যক্তিসকলৰ ঘৰে ঘৰে গৈ জিলাখনৰ স্বাস্থ্য বিভাগৰ বিষয়া – কৰ্মচাৰীয়ে কৰোনাৰ ভেকচিন প্ৰদান কৰি দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিছে।
জিলাখনৰ প্ৰতিষেধক বিষয়া ডাঃবিমান শৰ্মাৰ নেতৃত্বত স্বাস্থ্য কৰ্মী সকলে কলিবাৰীস্থিত সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ বাসগৃহত সাহিত্য কাণ্ডাৰী গৰাকীৰ পো- বোৱাৰী পৰী গোহাঞি বৰুৱা আৰু পথদুৰ্ঘটনাত পতিত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকা সক্ৰীয় সমাজকৰ্মী, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সভাপতি পুলিন ভট্টাচাৰ্যৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক ঘৰে ঘৰে গৈ ভেকচিন প্ৰদান কৰে।
আৰু পঢ়কঃশিৱসাগৰত আৰক্ষীয়ে ফালিলে প্ৰশাসনে আঁৰি থোৱা কন্টেইনমেন্ট জ’ন’ৰ বেনাৰ
শোণিতপুৰ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে এক দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰি জিলাখনৰ বয়সস্থ বিশিষ্ট ব্যক্তি সকলৰ ঘৰে ঘৰে গৈ ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে।
তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক বিনোদ কুমাৰ জৈনকো বিশ্ববিদ্যালয়ৰ আৱাসগৃহতে ভেকচিন প্ৰদান কৰে ।
জিলাৰ প্ৰতিষেধক বিষয়া ডাক্তৰ বিমান শৰ্মাৰ নেতৃত্বত স্বাস্থ্য কৰ্মী সকলে উপাচাৰ্য গৰাকীক ভেকচিন প্ৰদান কৰি তেওঁৰ স্বাস্থ্যৰো বুজ লয়।