শোণিতপুৰঃ শোণিতপুৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আৰু মুম্বাইৰ টাটা ইনষ্টিটিউত অফ চ’ছিয়েল ছায়েন্সৰ সহযোগত “ভাৰতত কোভিড-১৯ মহামাৰীৰ সময়ত প্ৰান্তীয় সম্প্ৰদায়ৰ শিশুৰ সমস্যা আৰু প্ৰত্যাহ্বান” সম্পৰ্কে এখন তিনিদিনীয়া ৰাষ্ট্ৰীয় ৱেবিনাৰ অনুষ্ঠিত হয়।

টাটা ইনষ্টিটিউত অফ চ’ছিয়েল ছায়েন্স, মুম্বাইৰ ডিন, অধ্যাপক বিপিন জোজো আয়োজক সচিব আৰু অসমৰ শোণিতপুৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা ড০ অভিমন্যু দত্ত এই ৰাষ্ট্ৰীয় ৱেবিনাৰৰ আহ্বায়ক আছিল।
লগতে পঢ়কঃমুখ্যমন্ত্ৰী মামাৰ নিমন্ত্ৰণ ৰক্ষা গুৱাহাটীলৈ অহা মাজুলীৰ কনমানী ভকত বৈষ্ণব উভতিল

শিক্ষাবিদ, গৱেষক, ডি.এল.এড. আৰু বি.এড. পাঠ্যক্ৰমৰ প্ৰশিক্ষাৰ্থী, এন.জি.ও. কৰ্মী, সমাজ কৰ্মী, সাংবাদিক, স্বতন্ত্ৰ গৱেষক, শৈক্ষিক পৰামৰ্শদাতাকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰৰ প্ৰায় দ্বি-শতাধিক অংশগ্ৰহণকাৰীয়ে এই ৱেবিনাৰত অংশগ্ৰহণ কৰে।

সাতখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, তিনিখন ৰাজ্যিক বিশ্ববিদ্যালয়, আইআইটি বোম্বাই, বহুকেইটা সমাজ কৰ্মী সন্থা, চাৰিটা বেচৰকাৰী সংগঠন, গৱেষণা প্ৰতিষ্ঠান আৰু অসমৰ কেইবাখনো জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা, প্ৰশিক্ষাৰ্থীয়ে এই ৱেবিনাৰত অংশগ্ৰহণ কৰে।
২১-২৩ জানুৱাৰীলৈকে অনুষ্ঠিত হোৱা এই ৱেবিনাৰখনত মুঠ ২৩ খন গৱেষণা পত্ৰ উপস্থাপন কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply