লখিমপুৰ: দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ বগীনদীৰ গজাই মনাই ক্ষেত্ৰত সোনোৱাল কছাৰী সকলৰ খ্ৰীং খ্ৰীং বাইথ পূজা সম্পন্ন হয়।
দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বগীনদীৰ গজাই মনাই ক্ষেত্ৰত সোনোৱাল কছাৰী সকলৰ পৰম্পৰাগত খ্ৰীং খ্ৰীং বাইথ পূজা আজি সামৰণি পৰে।
বগীনদী আঞ্চলিক বাইথ সমাজৰ উদ্যোগত আয়োজিত এই পূজাৰ প্ৰথম দিনৰ কাৰ্যসূচীত সন্ধিয়া দেও নমোৱা পৰম্পৰা সম্পন্ন হয়।
ইয়াৰ পিছতেই আজি পুৱাৰে পৰা বাইথ মন্দিৰত আৰম্ভ হোৱা খ্ৰীং খ্ৰীং বাইথ পূজা সম্পন্ন হোৱা পিছতেই, দুপৰীয়া মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হয়।
এই সভাত সভাপতিত্ব কৰে বগীনদী আঞ্চলিক বাইথ সমাজৰ সভাপতি চেনীৰাম সোনোৱালে ।