দক্ষিণ কামৰূপৰ সোণতলীত বাছ আস্থানত নিশা ভয়ংকৰ অগ্নিকাণ্ড ৷
সোণতলী বাছ আস্থানত ৰখাই থোৱা বাছত নিশা প্ৰায় ১১:৩০ বজাত হঠাৎ দাউ দাউকৈ জ্বলি উঠে নাৰ্গিছ নামৰ বাছ খন ৷
এই অগ্নিকাণ্ডত নাৰ্গিছ নামৰ বাছখন সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয়৷
জুইত ভস্মীভূত হোৱা বাছখনৰ পঞ্জীয়ন নম্বৰ AS 25 AC 9253
জুইৰ লেলিহান শিখাই ক্ষন্তেক সময়ৰ ভিতৰতে আগুৰি ধৰে সম্পূৰ্ণ বাছ খন ৷
স্থানীয় ৰাইজৰ তৎপৰতাত জুই নুমাবলৈ সক্ষম হয় যদিও পলমকৈ অগ্নি নিৰ্বাবক বাহিনীৰ দল উপস্থিত হয়৷
কেনেকৈ বাছখনত জুইৰ সুত্ৰপাত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই৷
লক্ষণীয় বিষয় যে বৃহত্তৰ সোণতলী বজাৰত ইয়াৰ পুৰ্বেও কেইবাৰো জুইত বহু দোকান পোহাৰ ভস্মীভূত হৈছিল৷এইবাৰো ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল কামৰূপ জিলাৰ ভিতৰত সৰ্ববৃহৎ সোণতলী বজাৰ৷যাৰবাবে স্থানীয় ৰাইজে সোণতলী অঞ্চলত অগ্নি নিৰ্বাবক কাৰ্যালয় স্থাপন কৰিবলৈ চৰকাৰক দাবী জনায়৷