নিউজ ডেস্ক : বিভিন্ন সময়ত আৰ্তজনৰ কাষত দেৱদূতৰ দৰে থিয় দি অহা বলিউডৰ অভিনেতা চনু চুড আন এক প্ৰশংসনীয় কাৰ্য্যৰ পুনৰ চৰ্চালৈ আহিছে।
অভিনেতা গৰাকীয়ে এইবাৰ আৰ্থিক দুৰ্বল এগৰাকী প্ৰতিভাসম্পন্ন শ্বুটাৰক জাৰ্মানিৰ পৰা আমদানি কৰা এটা ৩ লাখ টকীয়া ৰাইফল ক্ৰয় কৰাত সহায় কৰি দিয়ে।
ধনবাদৰ নিবাসী ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ শ্বুটাৰ কনিকা লায়কে এটা ৰাইফল ক্ৰয় কৰিবৰ বাবে টুইটাৰৰ জৰিয়তে অভিনেতা চনু চুডকে ধৰি মন্ত্ৰী-সাংসদৰ পৰা সহায় বিচাৰিছিল।
নিজৰ টুইটত তেওঁ কয়, ‘১১ সংখ্যক ঝাৰখণ্ড ৰাজ্যিক ৰাইফল শ্বুটিং চেম্পিয়নশ্বিপ-২০২০ত মই এটা সোণ আৰু এটা ৰূপৰ পদক অৰ্জন কৰিছিলো যদিও ঝাৰখণ্ড চৰকাৰৰ পৰা কোনো সহাৰি নাপালো। অনুগ্ৰহ কৰি মোক ৰাইফল এটা কিনাত সহায় কৰক।’
নিজৰ ৰাইফল নথকাৰ বাবে কনিকাই বন্ধু-বান্ধৱী আৰু প্ৰশিক্ষকৰ ওপৰত নিৰ্ভৰ কৰি আহিব লগা হৈছিল।
৩ লাখ টকীয়া ৰাইফলটো ক্ৰয় কৰিবলৈ কনিকাই বন্ধু-বান্ধৱীৰ পৰা ৮০,০০০ টকা যোগাৰ কৰাৰ লগতে ১ লাখ টকা ধাৰ ঋণ পৰ্য্যন্ত ল’ব লগীয়া হোৱাৰ কথা জানিব পাৰি চনু চুডে তেওঁৰ ফাউণ্ডেচনৰ জৰিয়তে খেলুৱৈ গৰাকীক বাকী টকাখিনি যোগাৰ কৰি দিয়ে।
উক্ত টকাখিনি লাভ কৰাৰ পিছতে কনিকাই ৰাইফলটোৰ বাবে অৰ্ডাৰ কৰে আৰু যোৱা ২৬ জুনত কনিকাৰ হাতত আহি পৰেহি জাৰ্মানিত নিৰ্মিত ৰাইফলটো। ৰাইফলটো লাভ কৰিয়েই কনিকাই টুইট কৰি অভিনেতাজনক ধন্যবাদ জনায়।
কনিকাই টুইট কৰি কয়, ‘চনু চুড ছাৰ, মোৰ ৰাইফলটো আহি পালে। মোৰ পৰিয়ালত আনন্দৰ লহৰ আৰু গোটেই গাঁৱে আপোনাক বহুত আশীৰ্বাদ দিছে।
কনিকাৰ টুইটত ৰিপ্লাই কৰি অভিনেতা চনু চুডে লিখে, ‘অলিম্পিকত ভাৰতে মেডেল পোৱাটো খাটাং। এতিয়া মাত্ৰ আশীৰ্বাদ লাগে।’
লগতে পঢ়ক : অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনত বিজুলী-ঢেৰেকণিৰে প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা