যোৰহাট জিলাৰ ধানৰ ভঁৰাল ৰূপে পৰিচিত তিতাবৰৰ চাউলৰ আছে এক সুকীয়া পৰিচয়। এইবাৰ তিতাবৰৰ চাউলে উত্তৰ-পূবতে বিপণনৰ ক্ষেত্ৰখনত এক নতুন পৰিচয় লাভ কৰিবৰ বাবে আগবাঢ়িছে।
তিতাবৰকে মুখ্য কৰি ইয়াৰ কাষৰীয়া জিলাসমূহৰ কৃষকসকলক সাৰথি কৰি তিতাবৰৰ কুন্দাৰগাঁৱত স্থাপন কৰা হৈছে উত্তৰ-পূবৰ প্ৰথমটো অত্যাধুনিক ধান মিল।
তিতাবৰ এগ্ৰ’ ইণ্ডাষ্ট্ৰীজ নামৰ প্ৰায় ২০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উদ্যোগটো জাৰ্মান প্ৰযুক্তিৰে নিৰ্মাণ কৰা অত্যাধুনিক মিলটোত দৈনিক ২ লাখ কেজি ধানৰ পৰা চাউল উৎপাদন কৰিব পৰা যাব।

ইয়াৰ ফলত উপকৃত হ’ব তিতাবৰৰ তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ কৃষকসকল। তিতাবৰত উৎপাদন কৰা চাউল সমগ্ৰ উত্তৰ–পূৰ্বাঞ্চলতে বিক্ৰীৰ ব্যৱস্থা কৰাৰ বাবে এক বৃহৎ উদ্যোগ স্থাপন কৰা হৈছে তিতাবৰত।
উল্লেখযোগ্য যে তিতাবৰৰ চাউল ইয়াৰ বিশেষ গোন্ধ আৰু সোৱাদৰ বাবে বিখ্যাত।
কৃষিমন্ত্ৰী অতুল বৰাই অত্যাধুনিক ধান মিলটোৰ কামৰ শুভাৰম্ভ কৰে । যোৰহাটৰ বিশিষ্ট ব্যৱসায়ী অনিত আগৰৱালাই স্থাপন কৰিছে এই অত্যাধুনিক ধান মিলটো।
মিলটোৰ স্বত্বাধিকাৰী গৰাকীয়ে কয় যে মিলটোত প্ৰায় ৫০০ স্থানীয় যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন লাভ কৰাৰ সম্ভাৱনা আছে। আনহাতে, অতি সোনকালে বজাৰত ‘ভৰাল’ আৰু ‘ৰঙালী’ নামৰ দুটা উন্নত মানৰ ব্ৰেণ্ডৰ চাউল উপলব্ধ হ’ব বুলিও তেওঁ মন্তব্য কৰে।