চতিয়াঃ চতিয়াত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। মালবাহী ট্ৰাক আৰু মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। এই দুৰ্ঘটনাত নিহত হয় এজন। মালবাহী ট্ৰাকখনৰ নম্বৰ এএছ ০১ এফ চি ৯৩৮৭ আৰু মটৰচাইকেলৰখনৰ নম্বৰ এএছ ১২ জেদ ৩৫৩৪। নিহত লোকজন চতিয়াৰ চতিয়াল গাৱঁৰ যুৱক ইশ্বৰ হাজৰিকা (৩২) বুলি জানিব পৰা গৈছে৷
লগতে পঢ়কঃটীয়কৰ ভগামুখত পিষ্টল সহ আটক এজন
ঈশ্বৰ হাজৰিকা নিশা বজাৰৰ পৰা ঘৰলৈ উভতাৰ পথতেই সংঘটিত হয় পথ দুৰ্ঘটনাটো৷ সংকটজনক অৱস্থাত ঈশ্বৰ হাজৰিকাক বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত সংঘটিত হৈছিল দুৰ্ঘটনাটো।