জামুগুৰিহাটঃ চতিয়াৰ ইটাখোলাত ড্ৰাগছৰসহ এজন যুৱক গ্ৰেপ্তাৰ ।
সম্প্ৰতি ড্ৰাগছ মুক্ত অসম গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্যখনৰ আৰক্ষী বিভাগে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে বিভিন্ন প্ৰান্তত তীব্ৰ অভিযান চলাই অহাৰ সময়তে দেওবাৰে নিশা চতিয়াৰ নিকটৱৰ্ত্তী ইটাখোলাৰ বালিদোঙাৰ পৰা ড্ৰাগছৰ সৈতে এজন যুবকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়কঃলাওঁখোৱা অভয়াৰণ্যত বন কৰ্মীক চোৰাং মাছমৰীয়াৰ আক্ৰমণ
এক গোপন সুত্ৰৰ পম খেদি চতিয়া আৰক্ষীয়ে অভিযান চলাই ইটাখোলাৰ বালিডোঙাৰ পৰা বিকী সিং (22) নামৰ যুৱক জনক গেপ্তাৰ কৰাৰ লগতে ড্ৰাগছৰ তিনিটা কন্টেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
বৰ্তমান উক্ত যুবক জনক চতিয়া থানালৈ আৰক্ষীয়ে লৈ অহাৰ লগতে ড্ৰাগছ সৰবৰাহৰ সন্দৰ্ভত সোধাপোচা অব্যাহত ৰাখিছে ।