জামুগুৰিহাটঃ ১৩ আগষ্টৰ পৰা ১৫ আগষ্টত ঘৰে ঘৰে উৰিব ত্ৰিৰংগা। স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে ভাৰত চৰকাৰে ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱাৰ বাবে এলানি কাৰ্য্যসূচী গ্ৰহণ কৰিছে। ইতিমধ্যে জাতীয় পতাকাৰ বাবে বিভিন্ন অঞ্চলত পতাকা বিপনন কেন্দ্ৰ স্থাপন কৰা হৈছে।

এই উদ্দেশ্যেৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচীৰ সন্দৰ্ভত সোমবাৰে চতিয়া খণ্ড উন্নয়ন কাৰ্যালয়ৰ পৰা উলিওৱা হয় সজাগতাৰ এক সমদল। উক্ত সমদলৰ ফ্লেগ অফ কৰে চতিয়া খণ্ড উন্নয়ন বিষয়া পলক শৰ্মাই। আত্মসহায়কগোটৰ মহিলাসকলে স্কুটি লৈ এই সমদলত অংশগ্ৰহণ কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply