জামুগুৰিহাটঃ শতবৰ্ষ গৰকা মাধুৰী আহঁতৰ তলৰ বিহুমেলাই এই বৰ্ষত ১০৪ সংখ্যক বৰ্ষত ভৰি দিলে ৷ চ’ত সক্ৰান্তিতৰ পৰা শুভাৰম্ভ হয় এই বিহুমেলাৰ সাতবিহুৰ কাৰ্যসূচী ৷ সোমবাৰে মাধুৰী আহঁতৰ তলতে ১০৪ সংখ্যক মুকলি বিহুৰ অন্যতম আকৰ্ষণ মুকলি বিহু অনুষ্ঠিত হয় ৷ অসমৰ ভিন্ন প্ৰান্তৰ বাচকবনীয়া বিহুদলে অংশগ্ৰহণ কৰিলে মাধুৰী আহঁতৰ তলৰ বিহুতলীত ৷ এই ঐতিহাসিক গছৰ তলৰ বিহুলৈ বৃহত্তৰ চতিয়াবাসীৰ লগতে ভিন্ন প্ৰান্তৰ পৰা লোক সমাগম হ’ল ৷

লগতে পঢ়কঃআজি সাত বহাগ: বিহু আৰু ‘সাতশাকী’ খোৱাৰ পৰম্পৰা

উল্লেখ্য যে, ১৯১৮ চনতে আৰম্ভ হৈছিল উহনি পাৰৰ বিহু ৷ উহনিৰ পুখুৰি পাৰৰ ভেটিত তাহানি খৰঙী বৰুৱাই শ’লাল বৰগোহাঁইক আদৰিবলৈ ভাওনাৰ আয়োজন কৰিছিল ৷ ভাওনা পতাৰ প্ৰথম ভেঁটিত চিন স্বৰূপে ৰোৱা আহঁতৰ তলৰ বিহুতলীয়েই এসময়ত নাম পালে মুকলি বিহু ৷ পিছলৈ খ্যাত হ’ল অসমৰ প্ৰথম মুকলি বিহু হিচাপে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply Cancel reply