চতিয়াঃ এটি মৰমলগা কন্যা সন্তান। সন্তানটি দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ আছে। চিকিৎসাৰ বাবেও ধনৰ অভাৱ। চতিয়া সমষ্টিৰ অন্তৰ্গত মধ্য নাগশংকৰ গাওঁ পঞ্চায়তৰ অধীনৰ কুসুমটলাৰ দিকৰাইগুড়িৰ গাঁৱৰ ভৰত নাথ আৰু মমিতা দেৱীৰ ৮ মহীয়া কন্যা সন্তানটি দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত হৈ থকাত চিন্তিত হৈ পৰিছে পৰিয়ালটি ৷
নিষ্ঠা দেৱী নামৰ কন্যা শিশুটিৰ ডিঙিৰ সোঁ-ফালে টিউমাৰ জাতীয় ৰোগৰ অৱস্থিতি ধৰা পৰাৰ পিছতেই চিন্তিত পৰিয়ালৰ লোক। তেজপুৰৰ হাটিফিলখানাস্থিত মেট্ৰিক্স ডায়েগনোষ্টিক্স লেবৰটৰীত পৰীক্ষা কৰোতে উক্ত বেমাৰটো ধৰা পৰে ৷
আৰু পঢ়কঃসোণাৰি বিধানসভা সমষ্টিৰ ভাটি লংপটিয়াৰ এটি দুৰ্দশাগ্ৰস্ত পৰিয়ালৰ দুৰ্দশা
দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃ ভৰত নাথ পেছাত এজন মিস্ত্ৰী। কৰোনা মহামাৰীৰ বাবেই এতিয়া ঘৰতে বহি থাকিব লগা হৈছে ৷ কন্যা সন্তানটিৰ চিকিৎসাৰ ব্যয় বহন কৰি তিনি মাহতে সৰ্ব্বস্বান্ত হৈছে পৰিয়ালটো ৷ সেয়েহে দৰিদ্ৰ পৰিয়ালটিৰ একমাত্ৰ কন্যা সন্তানটিৰ চিকিৎসাৰ বাবে চৰকাৰৰ ওচৰত সহায় বিচাৰিছে দুই পিতৃ মাতৃয়ে ৷
কোনো হৃদয়বান লোকে শিশুটিৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ বিচাৰিলে Central Bank of India বেংকত মাতৃ মমিতা দেৱীৰ একাউন্ট নম্বৰ ৩৯২২৫১৫৯৫৫
IFSC CODE : CBIN0282709 নম্বৰত আৰ্থিক সাহাৰ্য্যৰে সহায় কৰিব পাৰিব ৷ লগতে ৯৩৬৫৮৪১৩৪৭ / ৮৪৮৬১৭৯৩১৫ নম্বৰত ফোনযোগে যোগাযোগ কৰিব পাৰিব।