ছিপাঝাৰঃ ছিপাঝাৰৰ গৰুখুটিত উপস্থিত হয় চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা।
বিধায়ক গৰাকীয়ে সমষ্টিটোৰ গৰুখুটিৰ পশু চিকিৎসা কেন্দ্ৰ পৰিদৰ্শন কৰে ।
ইয়াৰ উপৰিও ধলপুৰ শিৱ মন্দিৰৰ দাঁতিকাষৰীয়া ভূমিত স্থাপন হ’বলগীয়া অসম চৰকাৰৰ বহুমুখী কৃষি পাম কেন্দ্ৰৰ বিষয়ে স্থানীয় লোকৰ সৈতে আলোচনাত মিলিত হয়।
আৰু পঢ়কঃঅধীক্ষক অবিহনে চলি আছে বঙাইগাঁও অসামৰিক চিকিৎসালয়, চিকিৎসকৰ নাটনি
আনহাতে ধলপুৰৰ একাংশ লোকৰ মাজত দুবিঘাকৈ মাটি দিয়া হব বুলি চৰ্চা হোৱা বিষয় সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে ৭৭,৪২০ বিঘা ভূমিত কৃষি বিপ্লৱৰ বাবে কেবিনেটে গঠন কৰি দিয়া সমিতিৰ অধ্যক্ষ পদ্ম হাজৰিকাই।
শীঘ্ৰেই ধলপুৰত বহুমুখী কৃষিপাম কেন্দ্ৰৰ কাম আৰম্ভ হ’ব বুলি উল্লেখ কৰিলে বিধায়ক গৰাকীয়ে।