জামুগুৰিহাটঃ চতিয়াৰ ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত চেঙামাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আটক দুজন। এক গোপন সুত্ৰৰ পম খেদি ইটাখোলা আৰক্ষী আৰু চতিয়া আৰক্ষীৰ যৌথ অভিযানত আটক ড্ৰাগছ বেপাৰী মকিব আলী আৰু তেওঁৰ পত্নী ৰুকচনা খাতুন ।
উল্লেখযোগ্য যে আৰক্ষীৰ দল দুটাই চতিয়া আৰু ইটাখোলাত উক্ত ড্ৰাগছ ব্যৱসায়ী দুজনক হাতে লোটে ধৰাৰ বাবে টহল দি আছিল।
চতিয়াৰ পৰা ইটাখোলা অভিমুখী এখন বগা ৰঙৰ AS-01EM 9481 নম্বৰৰ ছুইফট ডিজায়াৰ আৰক্ষীয়ে প্ৰত্যক্ষ কৰি গাড়ীখন ৰাখিবলৈ নিৰ্দেশ দিয়ে যদিও ড্ৰাগছ ব্যৱসায়ী মকিব আলীয়ে আৰক্ষীৰ নিৰ্দেশক অমান্য কৰি তীব্ৰ বেগেৰে পলায়ন কৰিবলৈ চেষ্টা কৰে।
লগতে পঢ়কঃনাওকাটাত শুক্লাই মহকুমা দাবী সমিতিৰ সংবাদমেল
আৰক্ষী দল দুটাই আগে পিছে দুয়ো ফালৰ পৰা খেদি যোৱাত উপায়ন্তৰ হৈ ড্ৰাগছ ব্যৱসায়ী জনে গাড়ীখন পথাৰৰ মাজত সোমোৱাই দি ড্ৰাগছ খিনি পথাৰৰ পানীত পেলাই দিয়ে।
পিছত আৰক্ষীয়ে মকিবক আটক কৰাৰ লগতে আঘাত প্ৰাপ্ত ৰুকচনা খাতুনক চিকিৎসাৰ বাবে উওৰ জামুগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে ।
প্ৰথমতে মকিবে সোধপোচ কৰাত তেওঁৰ লগত ড্ৰাগছ নাই বুলি কয় যদিও পিছলৈ ক্ৰেনৰ জৰিয়তে গাড়ীখন উলিয়াই পানীৰ পৰা ড্ৰাগছৰ ৩৩ টা কণ্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে।