জামুগুৰিহাটঃ বাঁহী বাদনৰ জৰিয়তে আকাশ চুৱাৰ হেপাঁহ চতিয়াৰ মাগুৰমড়াৰ অঞ্চল তথা উত্তৰ চতিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ৰাহুল ৰঞ্জন বৰুৱাৰ ।

দিলীপ বৰুৱা আৰু বুলবুলি বৰুৱাৰ একমাত্ৰ পুত্ৰ ৰাহুলে সাত বছৰ বয়সৰ পৰাই পিতৃ- মাতৃৰ অনুপ্ৰেৰণাৰ জৰিয়তে বাঁহীৰ প্ৰশিক্ষণ লৈ সৃষ্টিশীল প্ৰতিভাৰ জৰিয়তে আকাশ চুৱাৰ সপোন দেখিছে।

বৰ্তমান লকডাউনৰ সময়চোৱাত বিদ্যালয়সমূহ বন্ধ হৈ পৰাত নিজৰ পঢ়া শুনাৰ উপৰিও ৰাহুলে আজৰি সময়ত ঘৰতে আবদ্ধ থাকি পিতৃ-মাতৃৰ অনুপ্ৰেৰণাত অনুশীলন অব্যাহত ৰখাৰ এক উৎকৃষ্ট উদাহৰণ দেখুৱাবলৈ সক্ষম হৈছে ।

লগতে পঢ়কঃগোৰেশ্বৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত কৰ্মচাৰীক প্ৰহাৰৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি

যাতে তেওঁক চৰ্চা কৰি সকলো ছাত্ৰ-ছাত্ৰীয়ে যেন অবাবত সময় নষ্ট নকৰি নিজৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰিবলৈ অনুশীলন কৰে।

চৈধ্য বছৰীয়া ৰাহুলে বিভিন্ন জাতি-জনগোষ্ঠীৰ লগতে লোকগীত, বৰগীত, ভূপেন্দ্ৰ সংগীতৰ লগতে বিভিন্ন গীতৰ সুৰৰ ধ্বনিসমূহ বাঁহী বাদনৰ জৰিয়তে পৰিবেশন কৰি ৰাইজক আকৃষ্ট কৰিবলৈ সক্ষম হৈছে।

ৰাহুলে অঞ্চলবাসীৰ লগতে শৈক্ষিক মহলৰ পৰা বিশেষ চৰ্চা তথা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply