চতিয়াঃ চতিয়া সমষ্টিৰ অন্তৰ্গত চেঙামাৰীত সোমবাৰে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷
বালিজুৰি আৰু চেঙামাৰী অঞ্চলৰ দীৰ্ঘদিনীয়া ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চেঙামাৰীত এখন চিকিৎসালয় নিৰ্মাণৰ কথা ঘোষণা কৰিছিল আৰু সেই ঘোষণা অনুসৰিয়েই চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই এই আধাৰশিলা স্থাপন কৰে ৷ ১ কোটি ২৩ লাখ টকাৰ ব্যয় ধাৰ্য্য কৰা হৈছে চেঙামাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ।
লগতে পঢ়কঃদুলীয়াজানৰ অইলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আছুৰ উত্তাল প্ৰতিবাদ
আধাৰশিলা স্থাপন কৰি বিধায়ক পদ্ম হাজৰিকাই কয়- এতিয়াৰে পৰা এই অঞ্চলৰ ৰাইজৰ সমস্যা দূৰ হ’ব ৷ এই প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত সকলো শ্ৰেণী ৰাইজে জৰুৰী সেৱা লাভ কৰিব পাৰিব৷ আধাৰশিলা অনুষ্ঠানত অংশগ্ৰহণ কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা, নাগশংকৰ জিলা পৰিষদৰ সদস্য হিতেশ বৰুৱাৰ লগতে পঞ্চায়তৰ কৰ্মকৰ্তা সকল ৷