জামুগুৰিহাটঃ চতিয়াৰ ইটাখোলাত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড ৷
কৰণ গৰ্জু নামৰ এজন যুৱকে চোকা অস্ত্ৰৰে হানিখুছি হত্যা কৰে মনিকা তান্তি নামৰ এগৰাকী মহিলাক ৷
হত্যাৰ পিছত নিজেও আত্মহত্যা কৰাৰ চেষ্টা হত্যাকাৰী কৰণৰ ৷
লগতে পঢ়কঃচতিয়াৰ ইটাখোলাত ড্ৰাগছসহ যুৱক গ্ৰেপ্তাৰ
ইটাখোলাৰ হোকাজানত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় ৷
বৰ্তমান বিশ্বনাথ অসামৰিক চিকিৎসালয়ত সম্প্ৰতি চিকিৎসাধীন হত্যাকাৰী কৰণ ৷ সমগ্ৰ ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷