জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ বিভিন্ন প্ৰান্তত একে দিনাই ১১ টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ গৃহনিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷

চতিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত গামানী, চমাৰ দলনী, ২নং বালিজুৰি, ৰঙাচকুৱা, ভানুপুৰ, এদেনবাৰী, পহুচোৱা, চামধৰা, ওপৰ টলকাবাৰী কৰৈয়নী চাপৰি, হোলাকান মাজগাঁও আদি এঘাৰখনকৈ গাঁৱত চৰকাৰে প্ৰতিটো আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ বিপৰীতে আগবঢ়োৱা ২৫ লাখ টকাৰ পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া আটক ধুনীয়া গৃহ সমূহৰ আধাৰশিলা স্থাপন কৰি বিধায়ক গৰাকীয়ে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে ৷

আধাৰশিলা অনুষ্ঠানৰ ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে কয় যে এই আদৰ্শ অংগনবাড়ী কেন্দ্ৰ সমূহৰ এক মাহৰ ভিতৰত আটকধুনীয়াকৈ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব ৷

লগতে পঢ়কঃজালুকবাৰী থানাই উদ্ধাৰ কৰিলে প্ৰায় ১০ লক্ষাধিক চুৰি সামগ্ৰী

এক মাহৰ পিছত একেদিনাই এই এঘাৰটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰত কণ কণ শিশু সকলে খেলা ধূলাৰ মাজেৰে শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ জৰিয়তে শিক্ষাগ্ৰহণ কৰিবপৰা ধৰণে শুভাৰম্ভ কৰিম বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে। বিধায়ক পদ্ম হাজৰিকাই নিজহাতে কণ কণ শিশুসকলৰ মাজত প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে।

আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে শোণিতপুৰ জিলা সমাজকল্যাণ বিষয়া, নদুৱাৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া, নদুৱাৰ খণ্ড উন্নয়ন বিষয়া, মূঢ়াদল জিলা পৰিসদৰ সদস্য কিশোৰ দাহাল, নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েঙকে ধৰি বিশিষ্ট ব্যক্তি সকলৰ লগতে স্থানীয় লোকসকল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply