গুৱাহাটী : ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ব্যৰ্থ মন্ত্ৰীৰ আখ্যা সদৌ অসম উন্নয়ন পৰিষদৰ। গুৱাহাটী আৰু উত্তৰ গুৱাহাটী ফেৰী দুর্ঘটনাৰ পৰা কোনো ধৰণৰ শিক্ষা নোলোৱা চন্দ্ৰমোহন পাটোৱাৰীৰ বাবাই সংঘটিত হ’ল নিমাতিঘাটত ফেৰী দুর্ঘটনা। চন্দ্ৰমোহন পাটোৱাৰীক অতি শীঘ্ৰে অপসাৰণৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ।
বুধবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি সদৌ অসম উন্নয়ন পৰিষদে ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক চিৰকালৰ ব্যৰ্থ পৰিবহন মন্ত্রী আখ্যা দি মন্ত্ৰী গৰাকীক তীব্ৰ সমালোচনা কৰে। সদৌ অসম উন্নয়ন পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰে কয় অসমৰ পৰিবহন বিভাগটো এটা দুৰ্নীতিগ্ৰস্ত বিভাগ।
সদৌ অসম উন্নয়ন পৰিষদৰ সভাপতি গৰাকীয়ে কয় যে পৰিবহন বিভাগৰ বিষয়া তথা দালালে মিলি কোটি কোটি টকা লুণ্ঠন কৰি আছে কিন্তু এই ক্ষেত্ৰত বিভাগটোৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী চকু মুদা কুলিৰ ভাও ধৰি আছে। পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ দুৰ্বল ভূমিকাৰ বাবে বিভাগটোৰ বিষয়া সকলে লুণ্ঠন চলাই আছে।
লগতে পঢ়ক : মাটিৰ দালালৰ গ্ৰেপ্তাৰৰ বিপক্ষে কংগ্ৰেছী নেতাৰ ক্ষোভ
সদৌ অসম উন্নয়ন পৰিষদে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনায় যে পৰিবহন বিভাগৰ পৰা চন্দ্ৰমোহন পাটোৱাৰীক আঁতৰাই এজন উপযুক্ত ব্যক্তিৰ হাতত বিভাগটো অৰ্পন কৰক। সদৌ অসম উন্নয়ন পৰিষদদে ৰাজ্যজুৰি চলি থকা দালাল বিৰোধী অভিযানত আদৰণি জনায় যদিও এই অভিযানত যাতে ৰৌ বৰালি ৰক্ষা নপৰে তাৰ বাবেও আহ্বান জনায়।