তামুলপুৰ : বাক্সা জিলাৰ তামুলপুৰৰ অন্তৰ্গত দক্ষিণ গান্ধীবাৰী অঞ্চলক কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা। অঞ্চলটোৰ ৩৪ টাকৈ পৰিয়াল ক’ভিডত আক্ৰান্ত হোৱাৰ পিছতে অঞ্চলটোক কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হয়। তামুলপুৰ মহকুমা প্ৰশাসনে দক্ষিণ গান্ধীবাৰী অঞ্চলটোক ঘোষণা কৰে কন্টেইনমেন্ট জ’ন হিচাপে।

দক্ষিণ গান্ধীবাৰীৰ ৩৪ টাকৈ পৰিয়ালৰ বহু লোকৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে। ইফালে কন্টেইনমেন্ট জ’নত আৱদ্ধ হৈ থকা পৰিয়ালক সাহাৰ্য্য প্ৰদান কৰে বিজেপিৰ কৰ্মকৰ্তাই।তামুলপুৰৰ গয়বাৰী মণ্ডল বিজেপিৰ কৰ্মকৰ্তা আৰু এম চিএলএ হেমন্ত কুমাৰ ৰাভাই পৰিয়াল কেইটাক প্ৰদান কৰে এসপ্তাহৰ খাদ্য সামগ্ৰীৰ লগতে মাক্স আৰু চেনিটাইজাৰ।

সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ক’ভিড মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ এই সময়ছোৱাত বাক্সা জিলাৰ তামুলপুৰৰো বিভিন্ন অঞ্চলত তাণ্ডৱ চলাই থকা পৰিলক্ষিত হৈছে এই মহামাৰীয়ে। ৰাজ্য চৰকাৰে ক’ভিড মহামাৰী ৰোধ কৰাৰ বাবে এছ অ’ পি প্ৰস্তুত কৰি ৰাইজক সজাগতা কৰাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও প্ৰতিদিনে বহু লোক ক’ভিডত আক্রান্ত হৈ আছে।

লগতে পঢ়ক : অৰ্ধ শতাধিক অবৈধ কাঠফলা মিলত চলিছে বন ধ্বংসৰ কাম

বাক্সা জিলাত কভিডে ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰাৰ এই সময়ছোৱাত গান্ধীবাৰীত গয়বাৰী বিজেপি মণ্ডলৰ সহযোগত মনোনীত এমচিএলএ হেমন্ত কুমাৰ ৰাভাই তামুলপুৰৰ দক্ষিণ গান্ধীবাৰী কন্টেনমেন জ’ন হিচাপে ঘোষণা কৰা অঞ্চল পৰিদৰ্শন কৰি খাদ্য সামগ্ৰী বিতৰণ কৰে। উক্ত কাৰ্যসূচীটোত ক’ভিডৰ নীতি-নিয়ম মানি এমচিএলএ গৰাকীৰ সংগ দিয়ে গয়বাৰী বিজেপি মণ্ডলৰ মহিলা মৰ্চাৰ অৰ্চনা চৌধুৰীৰ লগতে বিজেপিৰ কৰ্মকর্তা সকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply