মানকাচাৰঃ দক্ষিণ- শালমাৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজন গৃহৰক্ষী জোৱান ৷
বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ গৃহৰক্ষী যোৱান মইনুল হ’কক।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানাৰ আৰক্ষীয়ে শুকুৰবাৰে মইনুল হ’ক নামৰ এজন গৃহৰক্ষী জোৱানক বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত আটক কৰে ৷
লগতে পঢ়কঃ সোণাৰিত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ
আটকাধীন গৃহৰক্ষী জোৱান জনক আৰক্ষীয়ে শুকুৰবাৰৰ পৰা সোধপোছৰ অন্তত শনিবাৰে গ্ৰেপ্তাৰ কৰে ৷
ইফালে ধৃত গৃহৰক্ষী জোৱানে দুগৰাকী সাংবাদিকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে।
চোৰাং গৰু সৰবৰাহৰ কাৰণে সাংবাদিকক ধন দিয়া হয় বুলিও গৃহৰক্ষী জোৱানজনে উত্থাপন কৰে৷
এতিয়া প্ৰশ্ন হয়, গৃহৰক্ষী জোৱান মইনুল হ’কে কাৰ আশীৰ্বাদত ইমান দিন চলাইছিল বাংলাদেশলৈ সৰবৰাহ কৰা চোৰাং গৰুৰ অবাধ বেহা।
কিয় ধৃত গৃহৰক্ষী জোৱান জনে সাংবাদিক দুজনৰ বিৰুদ্ধে ধন দিয়াৰ অভিযোগ উত্থাপন কৰিলে এইয়া প্ৰশ্নৰ আৱৰ্ত্তত।