হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সীমান্ত সুৰুক্ষা বাহিনী আৰু খাৰুৱাবান্ধা আৰক্ষীৰ যৌথ অভিযান।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ উপ আৰক্ষী অধীক্ষক এছ.চাংছানৰ নেতৃত্বত মানুল্যাপাৰা গাঁৱত টেম্পুৰে গৈ থকা অৱস্থাত মাৰণাস্ত্ৰসহ আটক কৰে যুৱকজনক।
যুৱকজনৰ পৰা উদ্ধাৰ এটা মেগজিন আৰু এটা পিস্তল।
লগতে পঢ়কঃমণিপুৰৰ পুৰুষ আৰু মিজোৰামৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ
আটকাধীন যুৱকজনৰ নাম টি.ছাংমা (২৮) বুলি উপ আৰক্ষী অধীক্ষকে জানিব দিয়ে।
ধৃত যুৱকজন মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ।
ইতিমধ্যে আটকাধীন যুৱকজনক খাৰুৱাবান্ধা আৰক্ষী চকীত অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সুত্ৰে জানিব পৰা গৈছে।